অসমের পেপার মিল দুটির শ্রমিক দের বেঁচে থাকার সব অধিকার কেড়ে নেওয়া হয়েছে
: নয়া ঠাহর সংবাদদাতা। ,জাক্ৰু বাৰ্তা:
কাগজ কলৰ যৌথ শ্ৰমিক মঞ্চ জাক্ৰু য়ে আজি গুৰুত্বপূৰ্ণ বিষয় এটা ৰাইজক জনাব বিচাৰিছে। অসমৰ ৰাষ্ট্ৰীয় গুৰু উদ্যোগৰ অন্তৰ্গত দুয়োটা কাগজ কল বন্ধৰ আৰত যে গভীৰ ৰহস্য আছিল, তাৰ প্ৰথম প্ৰমান, আইবিবিআই য়ে তদন্তৰ ভিত্তিত দুৰ্নীতিৰ প্ৰমাণ পোৱাৰ পিছত লিকুইডেটৰ কুলদীপ বাৰ্মাৰ পঞ্জীয়ন বাজেয়াপ্ত কৰিছে। অৰ্ডাৰ নং- IBBI/DC/282/2025. date- 7 April 2025 । অসমৰ দুয়োটা জাতীয় শিল্পত দুই লক্ষ শ্ৰমিক কৰ্মচাৰী আৰু ভবিষ্যত প্ৰজন্মৰ কৰ্মসংস্থান ৰ সুযোগ আছিল। মাত্ৰ ৯৮ লাখ টকা আদায় নিদিয়াৰ বাবে দুয়োটা মিল দেউলীয়া ঘোষণা কৰা হৈছিল। এই আদেশ ৰ বিৰুদ্ধে প্ৰতিবাদ জনাই, আমি National Company Low Apelate Tribunal (NCLAT)ত আবেদন জনাইছিলো। সেই মৰ্মে যোৱা ইং ২৯/০৫/২০১৯ ত NCLAT য়ে দুয়োটা মিল চলাই ৰাখিবলৈ, আৰু যদিওবা মিল বিক্ৰী কৰিব লগীয়া হয়, দুয়োটা মিল চলি থকা অৱস্থাত মিলৰ শ্ৰমিক কৰ্মচাৰীৰ চাকৰি সুৰক্ষিত ৰাখি হস্তান্তৰ কৰিব লাগিব বুলি নিৰ্দেশ দিয়ে। কিন্তু ইয়াৰ বিপৰীতে লিকুইডেটৰ কুলদীপ বাৰ্মাই চক্ৰান্ত কৰি লিকুইডেচন আইন ভঙ্গ কৰি বিভিন্ন ব্যক্তিক আৰু সংস্থাক নানান দুৰ্নীতিৰে দুয়োটা ৰাষ্ট্ৰীয় শিল্প গটাই দিছিল।
আমি দীৰ্ঘ দিন ধৰি ইয়াৰ প্ৰতিবাদ কৰি গৈছিলো আৰু ইয়াৰ তদন্তৰ দাবী কৰিছিলোঁ । শেষত আইবিবিআই( Insolvency Bankruptcy Board of India) তদন্ত কৰি Liquidator ৰে লিকুইডেচন নিয়ম ভঙ্গ কৰাৰ প্ৰমাণ পায়ছে, আৰু সেই অপৰাধত আইবিবিআই য়ে লিকুইডেটৰৰ পঞ্জীয়ন বাজেয়াপ্ত কৰিছে। নগাঁও আৰু কাছাৰ কাগজ কলৰ বাহিৰেও আৰু ৭ টা শিল্প প্ৰতিষ্ঠানত কুলদীপ বাৰ্মা লিকুইডেটৰ আছিল, তাতো লিকুইডেচন প্ৰক্ৰিয়াত দুৰ্নীতিৰ অভিযোগত কুলদীপ বাৰ্মা ক দোষী সাব্যস্ত কৰিছে। আইবিবিআই ৰ তদন্ত ক জাক্ৰু য়ে আদৰণি জনাইছে। অন্যায়ৰ বিচাৰ হব, এতিয়া আকৌ প্ৰমাণ হ'ল। এতিয়া আপোনালোকে দেখিবলৈ পাইছে, নগাঁও কাগজ কলৰ মাটিত টাটা ৰ ছেমিকণ্ডাক্তৰ প্ৰকল্প স্থাপন হৈ আছে। ইয়াৰ আৰত কিন্তু বিঘাই প্ৰতি ১ টকা দৰত টাটা গোষ্ঠীক মাটি হস্তান্তৰ কৰা হৈছে। আমি নতুন উদ্যোগ স্থাপন হোৱাত কোনো আপত্তি নকৰোঁ, উদ্যোগ হ'ব লাগে , হ'লে ভাল পাওঁ। কিন্তু টাটা ক ইমান খিনি মাতি দিয়াৰ পিছতো কাগজ কল চলাব পাৰিলে হেঁতেন, যদিহে এনে ধৰনৰ সৰযন্ত্ৰ নহ'ল হয়। কাছাৰ কাগজ কলৰ মাটিত তৈল ভান্ডাৰ থকাৰ পিছতো সেয়া সকলো গোপন কৰি মিল বিক্ৰী কৰাৰ নিবিদা দিয়া হৈছিল।
এতিয়া কথা হ'ল-ইমান বৃহত দুৰ্নীতি উদ্ঘাটন হোৱাৰ পিচত লিকুইডেটৰ কুলদীপ বাৰ্মাৰ অকল পঞ্জীয়ন বাজেয়াপ্ত কৰিলে নহ'ব। কুলদীপ বাৰ্মা আৰু তেওঁৰ লগত যিসকলে এই দুৰ্নীতিৰ লগত জৰিত আছিল, সেই সকলৰ বিৰুদ্ধে CBI তদন্ত হ'ব লাগে আৰু আদালতৰ নিৰিক্ষনত ৰাখি নিৰপেক্ষ তদন্ত হ'ব লাগে। ৰাষ্ট্ৰীয় সম্পত্তি ধ্বংসৰ অপৰাধত জড়িত সকলো দোষীক কঠোৰ শান্তি প্ৰদান কৰিব লাগে আৰু তেওঁ লোকৰ সকলো প্ৰকাৰৰ সা-সম্পত্তি বাজেয়াপ্ত কৰিব লাগে, এয়া জাক্ৰু ৰ দাবী। উক্ত বিষয়ৰ ওপৰত আমি বিভিন্ন প্ৰকাৰে সকলো স্তৰত দাবী জনায় আহিছো। আমি আশা ৰাখিছোঁ, এই যুজত নিশ্চয় ন্যায়ৰ জয় হব। যি সকলে দীৰ্ঘদিন ধৰি আমাৰ সংগ্ৰামৰ লগত জৰিত হৈ সমৰ্থন দি আহিছে, তেখেত সকললৈ আমি ধন্যবাদ জনাইছোঁ, আৰু আজি আইবিবিআইৰ তদন্ত উলাই অহাৰ ক্ষেত্ৰতো তেখেত সকলৰ দীৰ্ঘদিন ধৰি সহায় কৰি অহাৰে ফল আৰু কৃতিত্ব। আগলৈও আমাৰ এই দুৰ্নীতিৰ বিৰুদ্ধে সংগ্ৰামত আপোনালোকৰ সহযোগীতা পাম বুলি আশা ৰাখিলোঁ।
ধন্যবাদেৰে-
আনন্দ বৰদলৈ- সাধাৰণ সম্পাদক।
মানবেন্দ্ৰ চক্ৰৱৰ্তী- সভাপতি।
নগাঁও আৰু কাছাৰ কাগজ কলৰ যৌথ শ্ৰমিক সংগঠন( জাক্ৰু)।
বন্দেমাতৰম,
জয় আই অসম।
কোন মন্তব্য নেই