Header Ads

খান স্যার আসছেন গুয়াহাটিতে

প্ৰতিযোগিতামূলক পৰীক্ষা বা অন্যান্য উচ্চ শিক্ষা আৰু বিভিন্ন চৰকাৰী-বেচৰকাৰী চাকৰিৰ বাবে অনুষ্ঠিত পৰীক্ষাত সফলতাৰ বাবে প্ৰয়োজনীয় শিক্ষাৰ ক্ষেত্ৰত আৰ্থিক অৱস্থাই যাতে হেঙাৰ হব নোৱাৰে তেনেকুৱা ধ্যান ধাৰণাৰে প্ৰতিষ্ঠিত আৰু সমগ্ৰ ভাৰতত সমাদৃত খান চাৰ আহি আছে গুৱাহাটীলৈ।অহা ১১এপ্ৰিলত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ শ্ৰীমন্ত শংকৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত আয়োজন কৰা Career Guidance & Motivational Seminar ত অংশ গ্ৰহণৰ কৰিব ছাত্ৰ ছাত্ৰীৰ মাজত জনপ্ৰিয় খান চাৰ।দিনৰ ২বজাৰ পৰা আৰম্ভ হব এই অনুষ্ঠান।উক্ত অনুষ্ঠানত খান চাৰৰ লগতে দেশৰ বহু কেইগৰাকী প্ৰতিষ্ঠিত শিক্ষক এই অনুষ্ঠানত অংশ গ্ৰহণ কৰিব। উল্লেখ্য যে এই বছৰৰ পৰা খান চাৰৰ ব্যক্তিগত শৈক্ষিক প্ৰতিষ্ঠান খান গ্লোবেল ষ্টাডিজ এ অসমৰ গুৱাহাটীৰ লগতে অন্যান্য স্থানত নিজৰ শৈক্ষিক প্ৰতিষ্ঠান মুকলি কৰিব।উক্ত চেমিনাৰ খনিত অংশগ্ৰহণ কৰিবলৈ আগতীয়াকৈ জনোৱা হল৷

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.