অসমে মিডিয়া অ্যাসোসিয়েশন গঠন করলেন বিশিষ্ট সাংবাদিক কনক সেন ডেকা
মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ
তত্বাৱধানত "মিডিয়া এছ’চিয়েছন, অসম"ৰ জন্ম
নয়া ঠাহর সংবাদদাতা গুয়াহাটি ১৭ এপ্রিল
বিশেষ প্ৰতিবেদক, গুৱাহাটী, ১৫ এপ্ৰিল : অসমৰ সংবাদ জগতত অন্তৰ্ভুক্ত হ’ল নতুন এক শক্তিশালী সংগঠন-"মিডিয়া এছ’চিয়েছন, অসম"৷ আজি অসমীয়া নতুন বছৰ ১৯৪৭ শকৰ প্ৰথম ব’হাগত জন্ম লাভ কৰা এই সংগঠনতোৰ মুখ্য উপদেষ্টা তথা তত্বাৱধায়ক হিচাপে আছে মহীৰূহ সাংবাদিক- সাহিত্যিক- বুদ্ধিজীৱী মাননীয় কনকসেন ডেকা৷ অসমৰ সকলো সৰুবৰ সাংবাদিক, বুদ্ধিজীৱী, চিন্তাবিদ, স্তম্ভলেখক, শিল্পী- সাহিত্যিক, সমাজকৰ্মী আদিক লগত লৈ একেলগে বৰ অসমৰ সামগ্ৰিক বিকাশ, পৰস্পৰে পৰস্পৰৰ মাজত আস্থা আৰু বিশ্বাস সৃষ্টি, পৰম্পৰা-ঐতিহ্য ৰক্ষা, সকলো সাংবাদিকৰ বৃত্তিগত আৰু ব্যক্তিগত নিৰাপত্তা নিশ্চিত কৰা, সাংবাদিকৰ পেঞ্চন বৃদ্ধি আৰু জীৱন বীমা কৰা আদি বিভিন্ন দাবী সমাধানৰ বাবে মিডিয়া এছ’চিয়েছন , অসম-এ সদায় মাত মাতি যাব আৰু হাতেকামে কৰি দেখুৱাব৷ বৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো জাতিজনগোষ্ঠী আৰু সকলো ভাষাভাষীৰ মাজত একতাৰ এনাজৰী কটকটীয়া কৰি অঞ্চলটোৰ সামগ্ৰিক বিকাশৰ বাবে এই সংগঠনে কাম কৰিব৷ আজি মহানগৰীৰ গনেশগুৰিত থকা অগ্ৰদূত ভৱনত মহীৰূহ কনকসেন ডেকাৰ সঞ্চালনাত এখন সাধাৰণ সভা অনুষ্ঠিত হয় আৰু এই সভাতে ২৫ জনীয়া এখল কাৰ্যনিৰ্বাহক সমিতি গঠন কৰা হয়৷ সভাই সংগঠনৰ সংবিধান প্ৰণয়ন, পঞ্জীয়ন আৰু অন্যান্য কামকাজৰ বাবে কাৰ্যনিৰ্বাহকক দায়িত্ব অৰ্পণ কৰে৷ আজিৰ সভাই গঠন কৰা কাৰ্যনিৰ্বাহক সমিতখন হ’ল-
মুখ্য উপদেষ্টা : কনকসেন ডেকা, উপদেষ্টা : মৃণালিনী দেৱী, ড°দয়ানন্দ পাঠক, দেৱজ্যোতি হাজৰিকা, নীৰা গগৈ সোণোৱাল, নিতুল বৰগোহাঁই, ৰাজকুমাৰ আগৰৱালা, কৈলাশ শৰ্মা আৰু ৰাজেশ কেম্প্ৰাই৷
মুঠ ২৫ জনীয়া কাৰ্যকৰী সমিতিখন এনেধৰণৰ-
সভাপতি : হীৰেন চন্দ্ৰ কলিতা, উপসভাপতি : দীপেন বায়ন, জয়ন্ত কলিতা, ৰসধৰ শৰ্মা, নৱনীতা কলিতা আৰু বিপুল দাস৷ সংগঠনৰ সম্পাদক প্ৰধান চন্দ্ৰ কুমাৰ শইকীয়া৷ সহকাৰী সম্পাদক- বনদীপ গোস্বামী, অমৰ কাশ্যপ, ইন্দ্ৰেশ্বৰ হাজৰিকা, কুমুদ বড়ো আৰু
সংগীতা শইকীয়া৷ সাংগঠনিক সম্পাদক সকল ক্ৰমে-
শেৱালি কলিতা, ৰঞ্জিত পাটগিৰী, বিকাশ শৰ্মা আৰু
আজাহুৰুল ইছলাম৷ প্ৰচাৰ সম্পাদকসকল-
দৰ্শনা বৰুৱা, পপী দাস, দীপজ্যোতি শৰ্মা, হীৰক কাশ্যপ৷
কাৰ্যকৰী সদস্যসকল- পৱিত্ৰ মেছ, ৰঞ্জিতা দেৱী, আব্দুল চাজিদ, ৰিন্টু কূৰ্মী আৰু দিপাংকৰ পাঠক৷৷
কোন মন্তব্য নেই