Header Ads

অন্যায় ভাবে সাংবাদিক গ্রেফতার প্রতিবাদ সিপিআই এমের

 নয়া ঠাহর ,সংবাদদাতা ,গুয়াহাটি
গুৱাহাটীঃ ২৬ মাৰ্চ, ২০২৫
*****

*অন্যায়ভাৱে সাংবাদিক গ্ৰেপ্তাৰ তথা ৰাজ্যত পুলিচৰাজ প্ৰতিষ্ঠাৰ প্ৰতিবাদ চিপিআই(এম)ৰ*
******

জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাবৰ সহকাৰী সম্পাদক দিলৱাৰ হুছেইন মজুমদাৰক সম্পূৰ্ণ মিছা আৰু মনেসজা গোচৰত কালি ২৫ মাৰ্চৰ দুপৰীয়া গুৱাহাটীৰ পাণবজাৰ থানাৰ আৰক্ষীয়ে আটক কৰি পাছত গ্ৰেপ্তাৰ কৰা ঘটনাক চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে তীব্ৰ নিন্দা কৰিছে। থানাৰ ভিতৰতো সাংবাদিক গৰাকীৰ লগতে তেওঁৰ খবৰ লবলৈ যোৱা অন্য সাংবাদিক বন্ধু আৰু পৰিয়ালৰ প্ৰতি পুলিচে অমানৱীয় আচৰণ কৰা বুলি অভিযোগ উঠিছে। এই ঘটনা হ'ল সংবাদ মাধ্যম তথা গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ নিৰ্লজ্জ আক্ৰমণৰ আন এক উদাহৰণ। উল্লেখ্য যে আচাম এপেক্স বেংকত চলি থকা দুৰ্নীতিৰ বিৰুদ্ধে জাতীয় যুৱ পৰিষদে পাণবজাৰস্থিত বেংকটোৰ মুখ্য কাৰ্যালয়ত কালি প্ৰতিবাদী কাৰ্যসূচী পালন কৰাৰ সময়ত 'দা ক্ৰছ কাৰেণ্ট'ৰ সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰে বাতৰি সংগ্ৰহ কৰিবলৈ যোৱাত বেংকটোৰ পৰিচালন সঞ্চালক গৰাকীয়ে আৰক্ষীৰ  সহযোগত কিছুমান মিছা অভিযোগ উত্থাপন কৰি মজুমদাৰৰ বিৰুদ্ধে গোচৰ তৰে আৰু আৰক্ষীয়ে সকলো প্ৰচলিত নিয়ম-কানুন উলংঘন কৰি সাংবাদিক গৰাকীক আটক আৰু পৰৱৰ্তী পৰ্যায়ত গ্ৰেপ্তাৰ কৰে। দৰাচলতে  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ ৰাজ্য চৰকাৰখনে সাংবাদিকৰ স্বাধীনতা খৰ্ব কৰাৰ লগতে ৰাজ্যত পুলিচৰাজ প্ৰতিষ্ঠা কৰিবলৈ উদ্যত হৈছে। জনগণক বিভিন্ন ভয়-ভাবুকিৰে দমন কৰি ৰখাৰ উপৰি ৰাজ্যত স্বৈৰতান্ত্ৰিক শাসন পূৰ্ণাংগ ৰূপত প্ৰতিষ্ঠা কৰিবলৈ অসম চৰকাৰ বদ্ধপৰিকৰ হৈ পৰা দেখা গৈছে। সেয়ে গণতন্ত্ৰক হত্যা তথা প্ৰতিবাদী কণ্ঠ স্তব্ধ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে পুলিচক দিছে অবাধ ক্ষমতা।  

আজি দিলৱাৰ হুছেইন মজুমদাৰক অন্যায়ভাৱে গ্ৰেপ্তাৰৰ প্ৰতিবাদত গুৱাহাটী প্ৰেছ ক্লাবত  সাংবাদিকসকল সমৱেত হয়। কাৰ্যসূচী আৰম্ভ হোৱাৰ আগতেই বিশাল আৰক্ষী বাহিনী প্ৰতিবাদ স্থলীত উপস্থিত হয় আৰু সাংবাদিকসকলক প্ৰেছ ক্লাবৰ বাহিৰলৈ ওলোৱাত বাধা প্ৰদান কৰে। সাংবাদিকসকলে দৃঢ়তা প্ৰদৰ্শন কৰি সমদল বাহিৰ কৰাৰ সময়ত পুলিচৰ সৈতে বহু সময় ঠেলা-হেঁচা, আঁজোৰা-আঁজুৰি, ধস্তা-ধস্তি হয়। অৱশেষত আৰক্ষীৰ বেহু ভাঙি আৰু মানৱ-শৃংখলৰ কৰি গুৱাহাটীৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীসকল উপস্থিত হয়। প্ৰতিবাদ দমনৰ বাবে পুলিচৰ এনে গণতন্ত্ৰবিৰোধী আচৰণক চিপিআই(এম)ৰ অসম ৰাজ্যিক কমিটিয়ে ধিক্কাৰ জনাইছে। তদুপৰি সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক ততালিকে আৰু বিনাচৰ্তে মুকলি কৰি দিবলৈ পাৰ্টিয়ে দাবী জনাইছে। পাৰ্টিৰ ৰাজ্যিক কমিটিয়ে এপেক্স বেংকত সংঘটিত ব্যাপক নিয়োগ সংক্ৰান্ত দুৰ্নীতি তথা বিত্তীয় কেলেংকাৰিৰো উচ্চ পৰ্যায়ৰ তদন্ত দাবী কৰিছে। ৰাজ্যিক বিত্তীয় প্ৰতিষ্ঠানটোৰ সঞ্চালক হৈ আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰিছে বিজেপি বিধায়ক বিশ্বজিৎ ফুকনে। স্বভাৱিকতে মুখ্যমন্ত্ৰী তথা বিজেপি বিধায়কৰ  পৃষ্ঠপোষকতাতে কেলেংকাৰি সংঘটিত হৈছে বুলি অনুমান কৰিব পাৰি। এনে দুৰ্নীতি আৰু কেলেংকাৰিবোৰ ঢাকি ৰখাৰ বাবেই অসম চৰকাৰ তথা আৰক্ষী প্ৰশাসনে পুলিচক অবাধ ক্ষমতা দি প্ৰতিবাদ দমনৰ আশ্ৰয় লৈছে বুলি চিপিআই(এম) দলে মত পোষণ কৰিছে। 
*****
*স্বাক্ষৰঃ*
সুপ্ৰকাশ তালুকদাৰ 
সম্পাদক,

*(প্ৰকাশৰ অনুগ্ৰহৰ বাবে)*
নিৰংকুশ নাথ। 
চিপিআই(এম)ৰ ৰাজ্যিক কাৰ্যালয়ৰ পৰা। (সাংবাদিক কিরণ কুমার মুখার্জী সৌজন্যে)

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.