Header Ads

অসম সাংবাদিক পেনশন সংস্থা সভাপতি কেশব কলিতা অসুস্থতার কারণে সাময়িক ভাবে সরে থাকতে চান

প্ৰতি
       মাননীয় কাৰ্যকৰী সভাপতি,
অসম সাংবাদিক পেঞ্চনাৰ সংস্থা,
তাং  গুৱাহাটী ২৪- ০৩- ২০২৫

বিষয় -- সাময়িকভাৱে সভাপতিৰ কাৰ্যভাৰ হস্তান্তৰ 

মহাশয়,
আপোনাৰো অৱগত যে আমাৰ শৰীৰত পেচমেকাৰ সংৰোপনৰ আজি দুমাহ সম্পূৰ্ণ হ'ল । চিকিৎসাসুত্ৰে আমি বিগত দুমাহ সংগঠনৰ সৈতে যোগাযোগ ৰাখিব পৰা নাই । তদুপৰি পৰৱৰ্তী ১০ মাহলৈ সংযোগ ৰখা সম্ভৱ নহ'ব । কাৰণ চিকিৎসকে বাৰণ কৰি থৈছে । গতিকে আমাৰ বাবে যাতে সংগঠনটোৰ কাম-কাজত  ব্যাঘাত নহ'য় তাৰ কাৰণে প্ৰথম পৰ্যায়ত ৬ মাহৰ বাবে ২৫- ০৩- ২০২৫ তাৰিখৰ পৰা বলবৎ হোৱাকৈ সভাপতিৰ দায়িত্ব চমজি আগবাঢ়িবলৈ আপোনাক আহ্বান জনালো । উল্লেখ্য যে পৰৱৰ্তী সিদ্ধান্ত নোহোৱা পৰ্যন্ত এই পদক্ষেপই বাহাল থাকিব ।

          ইতি 
কেশৱ কলিতা, সভাপতি
অসম সাংবাদিক পেঞ্চনাৰ সংস্থা,
গুৱাহাটী 


প্ৰতিলিপি প্ৰেৰণ ---- মানস কুমাৰ মহন্ত, সাধাৰণ সম্পাদক, 
অসম সাংবাদিক পেঞ্চনাৰ সংস্থা, গুৱাহাটী

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.