Header Ads

শ্রীমন্ত শংকরদেব সংঘ অধিবেশন কি ধর্মনিরপেক্ষ নীতি মেনে অনুষ্ঠিত হয়েছে?

*সনাতন হিন্দু ধৰ্মৰ দেৱ-দেৱীৰ নাম শুনিলেই অশুচি হোৱা শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাপ-আই সকলে "আল্লা"ক তেওঁলোকৰ অধিবেশনৰ মূল মঞ্চত গুণানুকীৰ্তন কিয় কৰিলে ?*

শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংগী বাপ-আই সকলে নিজকে হিন্দু বুলি বা হিন্দু ধৰ্মাৱলম্বী বুলি দাবী কৰে। ভাল কথা। কিন্তু নিজকে সনাতন হিন্দু ধৰ্মী বুলি দাবী কৰাৰ পিছতো সনাতন হিন্দু ধৰ্মৰ বিভিন্ন পন্থক সুযোগ-সুবিধা পালেই কটাক্ষ কৰি সমালোচনা কৰি আহিছে আৰু সনাতন হিন্দু ধৰ্মৰ দেৱ-দেৱীৰ পূজা-পাতলক সংঘৰ মজিয়াত ও সংগী বাপ-আই সকলৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰি আহিছে। সেয়া সংঘৰ নিজস্ব কথা। যিহেতু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ দ্বাৰা প্ৰণীত বিভিন্ন গ্ৰন্থৰ সলনি নিজস্ব তিনি পুথি অৰ্থাৎ সংবিধান,বিবাহ পদ্ধতি আৰু অশৌচ পদ্ধতি অনুসৰি পৰিচালিত হয়। 

শেহতীয়াকৈ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন যোৰহাট জিলাত অনুষ্ঠিত হৈ যায়। সংঘই তেওঁলোকৰ অধিবেশন কেনেকৈ,ক'ত আৰু কিয় অনুষ্ঠিত কৰে সেয়া আমাৰ বিচাৰ্য নহয়। কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ এই বাৰ্ষিক অধিৱেশনত ইছলাম ধৰ্মাৱলম্বী সকলৰ "জিকিৰ-জাৰি" পৰিবেশন কৰা হ'ল। এই সন্দৰ্ভতহে আমাৰ মনত কিছু প্ৰশ্ন উত্থাপন হৈছে। সেয়ে ৰাজহুৱা স্থানত আৰু ৰাজহুৱা অংশগ্ৰহণেৰে অনুষ্ঠিত হোৱা সংঘৰ অধিবেশনৰ মূল মঞ্চৰ সাংস্কৃতিক সমাৰোহত "জিকিৰ-জাৰি" কিয় পৰিবেশন কৰা হ'ল সেই সন্দৰ্ভত আমাৰ মনত অন্য দহজনৰ দৰে প্ৰশ্ন উত্থাপন হৈছে। 

১/ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই তেওঁলোকৰ কোনো কাৰ্যসূচীত সনাতন হিন্দু ধৰ্মৰ  কোনো দেৱ-দেৱীৰ গুণানুকীৰ্তন নকৰে;ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰে। তেন্তে সংঘৰ মূল মঞ্চত "আল্লা"ৰ গুণানুকীৰ্তন কৰা "জিকিৰ-জাৰি" কিয় পৰিবেশন কৰিবলৈ দিয়া হ'ল। নে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ মতে আল্লা আৰু শ্ৰীকৃষ্ণ সমকক্ষ? নে আল্লা আৰু শ্ৰীকৃষ্ণ এজনেই?

২/ সংঘৰ সকলো কাৰ্যসূচীত জাতীয় সাজ-পোছাক বাধ্যতামূলক। আমন্ত্ৰিত মন্ত্ৰী-বিধায়কেও জাতীয় সাজ-পোছাক পিন্ধি সংঘৰ অধিবেশন আৰু কাৰ্যসূচীত উপস্থিত থাকে। কিন্তু এই কাৰ্যসূচীত পায়জামা আৰু জালি টুপী পিন্ধি ইছলাম ধৰ্মী সকলে "জিকিৰ-জাৰি" পৰিবেশন কৰিলে। তেন্তে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই পায়জামা আৰু জালি টুপীক জাতীয় পোছাকৰ মৰ্যদা দিলে নেকি?

৩/ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ সংগী বাপ-আই সকলৰ আৰাধ্য হ'ল ভগৱান শ্ৰীকৃষ্ণ। এই শ্ৰীকৃষ্ণৰ আটাইতকৈ সহচৰ আৰু আপোন জন্তু বিধেই হ'ল গৰু। খোদ গো-হত্যাকো শ্ৰীমন্ত শঙ্কৰদেৱ সংঘৰ অশৌচ পদ্ধতিত পাপ বুলি নিষিদ্ধ ঘোষিত কৰি শাস্তিৰ বিধান উল্লেখ আছে। তেনে ক্ষেত্ৰত মূল মঞ্চত "জিকিৰ-জাৰি" পৰিবেশন কৰা আটাইকেইজন ইছলামধৰ্মী গো-মাংস ভক্ষণকাৰী নহয় বুলি শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই দাবী কৰিব পাৰিবনে? যদিহে গো-মাংস ভক্ষণকাৰী হয় তেন্তে সংঘৰ শীৰ্ষ নেতৃত্বই তেওঁলোকৰ অশৌচ পদ্ধতি অনুসৰি প্ৰায়চিত্ত কৰিবনে?

৪/ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই ভগৱান শ্ৰীকৃষ্ণৰ বাহিৰে আন দেৱ-দেৱীৰ পূজা-পাতলক আৰু পূজা-অৰ্চনাক সংঘৰ মজিয়াত ও সংগী বাপ-আই সকলৰ ক্ষেত্ৰত নিষিদ্ধ ঘোষণা কৰিছে। এতিয়া প্ৰশ্ন হ'ল শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই শ্ৰীমদ্ভগৱত গীতাক স্বীকাৰ কৰে নে নকৰে? কাৰণ গীতাত শ্ৰীকৃষ্ণই অৰ্জুনক কৈছিল যে,ময়েই ব্ৰহ্মা,ময়েই বিষ্ণু,ময়েই শিৱ,ময়েই কালি, লক্ষ্মী,দুৰ্গা আৰু সৰস্বতী। 

৫/ শ্ৰীমন্ত শংকৰদেৱ সংঘ সনাতন হিন্দু ধৰ্মৰ বিভিন্ন গ্ৰন্থ বা শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ লিখনি অনুসৰি পৰিচালিত হয় নে নহয় ?

যদিহে শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ লিখনি অনুসৰি পৰিচালিত হয়; তেন্তে:

"গুণ নাম য'ত বিষ্ণুৰ শিৱৰ।
তাক ভিন্ন বুদ্ধি কৰে যি নৰ।।
নামৰ সিও মহা অপৰাধী।
নৰকত পৰে দৈৱে নবাধি।।(কীৰ্তন ঘোষা/নাম অপৰাধ/১৬)

এই ঘোষা ফাকিৰ অৰ্থ হ'ল: বিষ্ণু আৰু শিৱৰ গুণ আৰু নামক যি ভিন্ন বুলি জ্ঞান কৰে,তেনে লোকো নামৰ মহা অপৰাধী। তেওঁ নৰকলৈ যাবই। দেৱতায়ো তাত বাধা নিদিয়ে। 

"পাছে যদুবংশ যতেক আছে।
কৃষ্ণক আসন্তোক মনত বাঞ্ছে ।।
যাৰ যেন শক্য পাৰিলা মানে।
পূজিলা দুৰ্গাক বলি বিধানে।।"(১৪৫৭)

(স্যমন্তক হৰণ: কীৰ্তন ঘোষা/শ্ৰীমন্ত শঙ্কৰদেৱ/প্ৰকাশক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ/চতুৰ্থ প্ৰকাশ:২০০২)

আকৌ গুৰুজনাই কি লিখিছে:

"নমো ব্ৰহ্মগামী/দেৱীক প্ৰণামো/দিয়োক মোক মুকুতি/কমললোচনী/নমো কাত্যায়নী/কৰা মোক পৰিত্ৰাণ"(২৬৭)

(উৰেষা বৰ্ণন: কীৰ্তন ঘোষা/শ্ৰীমন্ত শঙ্কৰদেৱ/প্ৰকাশক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ/চতুৰ্থ প্ৰকাশ:২০০২)

দেৱাদিদেৱ মহাদেৱ সন্দৰ্ভত গুৰুজনাই আকৌ কি কৈ গৈছে:

"তিনি প্ৰদক্ষিণ কৰি/পূজি মূল মন্ত্ৰ পঢ়ি/শিৱৰ লিঙ্গক একমতি।পৰিয়া প্ৰণাম কৰি/উঠি পুটাঞ্জলী ধৰি/কৰিব হৰক হেন তুতি/নমো নমো ত্ৰিনয়ন/শিৰে শশী বিভূষণ/প্ৰভু বিৰূপাক্ষ মহাদেৱ। তুমি বিনা নাহি আন/কৰা মোক পৰিত্ৰাণ/তোমাৰ চৰণে কৰো সেৱ।।"(২৪৮)

(উৰেষা বৰ্ণন: কীৰ্তন ঘোষা/শ্ৰীমন্ত শঙ্কৰদেৱ/প্ৰকাশক শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ/চতুৰ্থ প্ৰকাশ:২০০২)

ইয়াৰোপৰি অসমৰ প্ৰতিটো বৰনামঘৰৰ বাট চ'ৰাত সিংহৰ প্ৰতিমূৰ্ত্তি আছে আৰু গুৰু আসনত কাছ,হাতীৰ শীৰ্ষ আৰোহণ কৰি আহিছে সিংহই। সিংহ কাৰ প্ৰতীক? শক্তি অৰ্থাৎ দেৱী শক্তিৰ প্ৰতীক। অৰ্থাৎ সৰ্বত্ৰ দেৱী শক্তিৰ নিয়ন্ত্ৰণত।

আশাকৰোঁ শ্ৰীমন্ত শঙ্কৰদেৱ সংঘই মোৰ এই প্ৰশ্ন কেইটাৰ যথাযথভাবে উত্তৰ দি বাধিত কৰিব। কিন্তু ইয়াৰ উত্তৰ দিবলৈ কোনো Eco-system ব্যৱহাৰ নকৰিব। 

অসমৰ খিলঞ্জীয়া মুছলমানসকলে মোৰ এই কথাখিনিত দোষ নধৰিব। প্ৰথমতে আপোনালোক বিশ্ব জয়ী মুছলমান হোৱাতকৈ মোগলক কচু কটা দিয়া গৌৰৱী অসমীয়া হ'বলৈ চেষ্টা কৰক। সেয়ে এই সন্দৰ্ভত শেহতীয়াকৈ খিলঞ্জীয়া মুছলমানৰ অধিবেশনত ৰাজ্যৰ প্ৰতিষ্ঠিত চেটেলাইট নিউজ চেনেল ND 24 ৰৰ Editor in-Chief ৰাজদ্বীপ বাইলুং বৰুৱাই( ৰাজদ্বীপ বাইলুং বৰুৱা (Rajdeep Bailung Baruah))দিয়া ভাষণৰ লিংকটো দিলোঁ। Here it's:

https://www.facebook.com/share/v/15Udi3tso1/?mibextid=wwXIfr

অসমীয়া সাহিত্যৰ মালিক এজনেই। He is none other than Mahapurush Srimanta Shankar Dev. জয় গুৰু শংকৰ।। 

*_বিশ্বজিৎ নাথ_*
_১০/০২/২০২৫_
_গুৱাহাটী_

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.