দোতোমা প্রেস ক্লাব ১৬ জনকে পুরস্কার দিচ্ছে
বিভিন্ন শিতানত ১৬ গৰাকী ব্যক্তিলৈ দোতমা প্ৰেছ ক্লাৱ আৰু কোকৰাঝাৰ জিলা জাফাৰ বঁটা ঘোষণা।
দৈনিক আমাৰ প্ৰণাম, নয়া ঠাহর ,কোলকাতা
দোতমা, ১৮ ফেব্ৰুৱাৰীঃ- সাংবাদিক তথা সংবাদকৰ্মীৰ অগ্ৰনি সংগঠন জাফাৰ কোকৰাঝাৰ জিলা সমিতি আৰু দোতমা প্ৰেছ ক্লাৱে প্ৰতি বছৰৰ দৰে এইবেলিও বাৰ্ষিক বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰিব। আজি এক বিবৃতিযোগে দোতমা প্ৰেছ ক্লাৱ আৰু কোকৰাঝাৰ জিলা জাফাৰ সভাপতি কৃষ্ণ বৰ্মন,সাধাৰণ সম্পাদক ধনকেশ বৰ্মন আৰু উপ সভাপতি ভীষ্ম সৰকাৰে এইবেলি বিভিন্ন শিতানত ১৬ গৰাকী ব্যক্তিলৈ বঁটা ঘোষণা কৰে। সাংবাদিকতা শিতানত দৈনিক অগ্ৰদূত কাকতৰ জেষ্ঠ্য সাংবাদিক ছেমিম চুলতানা,এন ডি ২৪ ৰ গোসাঁইগাওঁৰ সাংবাদিক উৎপল দে, প্ৰতিদিন টাইমৰ কাজলগাঁওৰ সাংবাদিক জয়ন্ত দেবনাথ, পাব্লিক নিউজ এন ইৰ সাংবাদিক বন্দনা বৰ্মন, অসমীয়া প্ৰতিদিনৰ তামাৰহাটৰ সাংবাদিক ললিত চন্দ্ৰ ৰায়, বডোছা কাকতৰ সাংবাদিক মুকথাং বসুমতাৰী,সমাজকৰ্মী শিতানত প্ৰদীপ বসুমতাৰী(চিৰাং) আৰু কনকেশ্বৰ ৰায়(চিথিলা), আৰক্ষী বিষয়া শিতানত বিপ্লৱ কোৱৰ(ৰুণিখাতা আৰক্ষী থানা), ছাত্ৰ নেতা শিতানত সুনাধৰ ৰায়( কেন্দ্ৰীয় সাধাৰণ সম্পাদক আক্ৰাছু), শিক্ষকতা শিতানত বদিয়ত জামাল শেখ(পূৱ ডেৱৰবিল নিম্ন প্ৰাথমিক বিদ্যালয়), কণ্ঠশিল্পী শিতানত তাপস সৰকাৰ, নৃত্য শিল্পী শিতানত নিতুমনি বৰ্মন, যুৱ ৰাজনীতিবিদ শিতানত বৃন্দাবন ৰায়, শ্ৰেষ্ঠ খেলুৱৈ শিতানত দীবাকৰ সিংহ,যুৱ নেতা শিতানত বৈষ্ণৱ কোচলৈ বঁটা ঘোষণা কৰা হৈছে। ইপিনে অহা ২৮ ফেব্ৰুৱাৰীত চিথিলাত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত উক্ত বঁটাসমূহ প্ৰদান কৰা হ'ব বুলি দোতমা প্ৰেছ ক্লাৱ আৰু কোকৰাঝাৰ জিলা জাফাৰ নেতৃত্বই সদৰি কৰে।
কোন মন্তব্য নেই