কিঞ্চিৎ আর্ন্তজাতিক সাহিত্য সামাজিক সাংস্কৃতিক গোষ্ঠী কামরূপ মহানগর শাখা গঠন
" *কিঞ্চিত্* "আন্তঃৰাষ্ট্ৰীয় সাহিত্য - সামাজিক - সাংস্কৃতিক গোষ্ঠীৰ *কামৰূপ মহানগৰ শাখা গঠন*
কিঞ্চিৎ শাখা গঠন আন্দোলন কাৰ্যসূচীৰ অন্তৰ্গত ( জানুৱাৰী২০২৫ পৰা
.. মাৰ্চ,২০২৫) আজি ৯ জানুৱাৰী " কামৰূপ মহানগৰ শাখা" গঠন কৰা হয়। কাহিলীপাৰাত অনুষ্ঠিত সাধাৰণ সভাত কৃষ্ণ হাজৰিকাক সভাপতি, অজন্তা চৌধুৰীক সাধাৰণ সম্পাদক হিচাপে লৈ ১৭ জনীয়া এটি শক্তিশালী শাখা সমিতি গঠন প্ৰক্ৰিয়াত বহুতো সাহিত্য, সাংস্কৃতিক তথা সামাজিক কৰ্মীৰ সমাবেশ ঘটে।
সভাত কিঞ্চিৎ গোষ্ঠীৰ কেন্দ্ৰীয় কমিটীৰ প্ৰতিষ্ঠাপক মুখ্য সম্পাদক ( প্ৰধান সেৱক) ডা: মানিক লাল ভৌমিক কিঞ্চিতৰ উদ্দ্যেশ্য আৰু লক্ষ্য সম্পৰ্কত মূল্যবান বক্তব্য ৰাখে।
*Unity in Diversity*" কিঞ্চিত গোষ্ঠীৰ মূল ভিত্তি উক্ত কথাষাৰৰ তাৎপৰ্য উপলব্ধি কৰি সাহিত্য,কলা,সংস্কৃতি ,সমাজ কল্যাণ মূলক কাম কাজৰ জৰিয়তে ত্যাগ আৰু সেৱাৰ মানসিকতাৰে শাখাৰ দ্বাৰা হব লগা অনুষ্ঠান সমূহ পৰিচালনা কৰাৰ বাবে সকলো সন্মানীয় সদস্য সকলক আহ্বান জনায়।
দিনৰ ২ বজাত সভাত উপস্থিত বিশিষ্ট ব্যক্তিবৰ্গৰ মাজত কবিতা হাজৰিকা( ভ্ৰমণ কাহিনী লেখিকা), অনন্ত ভট্টাচাৰ্য(অধিবক্তা)ঊষামনি শইকীয়া( সমাজকৰ্মী,লেখিকা) চন্দ্ৰ শেখৰ দাস (অৱসৰপ্ৰাপ্ত বেংক বিষয়া), মনিকা ভৌমিক,( কিঞ্চিৎ সেৱক)উল্লেখনীয়।
*সভাপতি*,
কিঞ্চিৎ কামৰূপ মহানগৰ শাখা,
কাহিলীপাৰা, গুৱাহাটী,
তাৰিখ: ৯ জানুৱাৰী, ২০২৫ইং
কোন মন্তব্য নেই