Header Ads

সাহিত্য সামাজিক সাংস্কৃতিক গোষ্ঠী গঠন hojai

'' *কিঞ্চিত্ '' আন্ত:ৰাষ্ট্ৰীয় সাহিত্য- সামাজিক-সাংস্কৃতিক গোষ্ঠীৰ হোজাই শাখা সমিতি গঠন*: 

-
হোজাই, ২৫ জানুৱাৰী :


আজি হোজাই জিলাৰ হোজাই চহৰত' কিঞ্চিত্'   আন্ত:ৰাষ্ট্ৰীয়  সাহিত্য-সামাজিক- সাংস্কৃতিক গোষ্ঠীৰ  হোজাই  শাখা সমিতি  গঠন কৰা হয়। ব্যক্তিগত শিক্ষানুষ্ঠান ' ইষ্ট পইণ্ট চিনিয়ৰ চেকেণ্ডেৰী স্কুল , গোবিন্দপল্লি , প্ৰাঙ্গনত আজি দিনৰ ৩ বজাত বিশিষ্ট শিক্ষাবিদ অৱসৰপ্ৰাপ্ত শিক্ষক,সমাজ সচেতক  শ্ৰীযুত অশোক কুমাৰ বনিক ছাৰৰ সভাপতিত্বত আৰু বিশু কান্ত ভৌমিক (কেন্দ্ৰীয় কমিটিৰ নিষ্ঠা সেৱক)ৰ প্ৰচেষ্টাত এখন  সাধাৰণ সভা অনুষ্ঠিত হয় । 

বৃহত্তৰ হোজাই অঞ্চলৰ সাহিত্য-সামাজিক- সাংস্কৃতিৰ লগত জড়িত থকা কবি , গায়ক,সাহিত্যিক ,শিক্ষক, অধ্যাপক, শিল্পী  আদি গন্যমান্য প্ৰায় অৰ্ধ শতাধিক ব্যক্তিৰ  উপস্থিতিত  সাংস্কৃতিক বৌদ্ধিক পৰিবেশৰ মাজতে( সংগীত,কবিতা পাঠ,চিত্ৰাংকন,শিশু শিল্পীৰ গীত ) ডা: মানিক লাল ভৌমিকক পৃষ্ঠপোষক, কমল দত্তক মুখ্য উপদেষ্টা, সুমিতা দেৱনাথক উপদেষ্টা ,অশোক বনিকক  সভাপতি আৰু শ্যামল দাসক সাধাৰণ সম্পাদক,  হিচাপে লৈ ২১ জনীয়া এটি শক্তিশালী কাৰ্যকৰী সমিতি গঠন কৰা হয়।

অনুষ্ঠানত  মূল্যবান গঠন মূলক বক্তব্য দাঙি ধৰে কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে ---দেবযানি গোস্বামী,বন্দনা বৰুৱা,ৰাজীৱ গুপ্ত,উত্তম দাস ,কৃষ্ণকান্ত চাহা আদি।সন্মানীয় নাগৰিকসকলক  ফুলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয় ।

সভাপতি, 
কিঞ্চিত্ হোজাই শাখা
হোজাই।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.