Header Ads

শিশু শিক্ষা সমিতির অসম প্রান্তীয় চিন্তন বৈঠক সম্পন্ন

শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় চিন্তন বৈঠক অনুষ্ঠিত সম্পন্ন 
গুৱাহাটী, ২১ অক্টোবৰ 

শিশু শিক্ষা সমিতি, অসমৰ প্ৰান্তীয় চিন্তন বৈঠক গুৱাহাটী জু-ৰোডস্হিত অসম প্ৰকাশন ভাৰতীৰ শন্তনু ৰঘুনাথ শেণ্ডেজী সভাগৃহত অনুষ্ঠিত হয়। সভাত বিদ্যা ভাৰতী পূৰ্বোত্তৰ ক্ষেত্ৰৰ মাননীয় সাংগঠনিক সম্পাদক ড০ পৱন তিৱাৰী, শিশু শিক্ষা সমিতি, অসমৰ সভাপতি কুলেন্দ্ৰ কুমাৰ ভাগৱতী, সাধাৰণ সম্পাদক জগন্নাথ ৰাজবংশী, সাংগঠনিক সম্পাদক নীৰৱ ঘেলানী, কাৰ্যকৰী পৰিষদৰ কেইবাগৰাকী সদস্য, কেইবাগৰাকী নিৰ্বাচিত প্ৰধানাচাৰ্য, পূৰ্ণকালীন কাৰ্যকৰ্তাকে ধৰি মুঠ ৫০ গৰাকী উপস্থিত আছিল।প্ৰচাৰ প্ৰমুখ মুকুটেশ্বৰ গোস্বামীয়ে জানিবলৈ দিয়া মতে কেইবাটাও সত্ৰত অনুষ্ঠিত হোৱা সভাখনত বিদ্যা ভাৰতী কেন্দ্ৰীয় সমিতিৰ পৰা নিৰ্ধাৰিত কৰা বিন্দুসমূহৰ ওপৰত বিতংভাৱে আলোচনা কৰি শিশু শিক্ষা সমিতি, অসমৰ লগতে নিকেতন সমূহক আগুৱাই নিয়াৰ বাবে কি কি পদক্ষেপ গ্ৰহণ কৰিব পাৰি সেই সম্পৰ্কে নীতি-নিৰ্দেশনা প্ৰস্তুত কৰা হয়।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.