অসমীয়া ভাষা ধ্রুপদী ভাষার স্বীকৃতি লাভ
অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্য্যদা পোৱাৰ এই ঐতিহাসিক ক্ষণত আমি সকলো অসমীয়া আৰু অসমীয়া ভাষা প্ৰেমীলৈ শুভেচ্ছা জ্ঞাপন কৰিলো । এই ৰাষ্ট্ৰীয় স্বীকৃতিৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক কৃতজ্ঞতা জনালো । অসমীয়া ভাষালৈ ধ্ৰুপদী ভাষাৰ স্বীকৃতিৰ বাবে অসম সাহিত্য সভাই বহু দিনৰ পৰা চেষ্টা কৰি আহিছে এই চেষ্টাক তৰাম্বিত কৰিলে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডঃ কুলধৰ শইকীয়া দেৱে । অসম সাহিত্য সভাৰ বৰ্তমানৰ সভাপতি ডঃ সূৰ্য্য কান্ত হাজৰিকা দেৱেও বিষয়টো আগবঢ়াই নিয়ে । ডঃ শইকীয়াই এটা বিশেষ গোটৰ সহযোগত পৰিশীলিত ৰূপত বিষয়টো আগবঢ়াই নিছিল । আমি ডঃ শইকীয়া আৰু গোটৰ সকলো সদস্যলৈ তেখেত সকলৰ অৱদানৰ বাবে ধন্যবাদ জ্ঞাপন কৰিলো । আহক আমি সকলোৱে ৩ অক্টোবৰ ঐতিহাসিক দিনটো ধ্ৰুুপদী ভাষাৰ দিন ৰূপে পালন কৰো । ডাঃ গিৰীশ সন্দিকৈ উপ-সভাপতি অসম সাহিত্য সভা
কোন মন্তব্য নেই