মহালয়ার তাৎপর্য লিখেছেন জ্যোতিষ দাস
মহালয়া কি?
মহালয়াৰ গুৰুত্ব কি?
শুভ মহালয়া শব্দটিৰ সকলোৰেই পৰিচিত।
কিন্তু কি এই শুভ মহালয়া!
'মহ' শব্দৰ অৰ্থ….. 'প্ৰেত'
'আলয়' অৰ্থাত…… 'আশ্ৰয়'
অর্থাৎ যি সময়ত সমষ্ট প্ৰেতলোক বাসী অশৰীৰী চিন্ময় আত্মাগণ প্ৰিয়জনৰ দৰ্শন অৰ্থে মৃত্যু লোকত আশ্ৰয় গ্ৰহণ কৰে সেই সময়েই হৈছে "মহালয়া"।
ব্রহ্মবৈবর্ত পুৰাণ অনুসৰি….
যি ক্ষণত পৰমাত্মা অর্থাৎ পৰম ব্ৰহ্মৰ লয় প্রাপ্তি ঘটে অৰ্থাৎ মৃত্যু লোকৰ দিশত কম্পন সৃষ্টি হয় সেয়াই হৈছে মহালয়। VJ
কিছু বছৰৰ পৰা পিতৃ পক্ষৰ ঘোৰ আমাবস্যাৰ দিনত অৰ্থাত্ মহালয়া মুহুৰ্তত বহু ঠাইত ৰাতিৰে পথত ফুৰাৰ নামত বহুতেই কোলাহল সৃষ্টি কৰা দেখা যায়।
এইয়া সমীচিন নহয়…..
বৰ্ত্তমান প্ৰকৃত অৰ্থ নজনাৰ বাবেই মহালয়াৰ মুহুৰ্তত বহুতেই মহালয়াৰ শুভেচ্ছাও প্ৰদান কৰা দেখা য়ায়।
মহালয়া শুভেচ্ছা জ্ঞাপনৰ সময় নহয়, স্বৰ্গগামী পূৰ্বজৰ চিন্ময় আত্মাৰ প্ৰতি শ্ৰদ্ধা ও তৰ্পন নিবেদনৰহে সময়।
আকৌ বহু লোক বিনা কাৰণত ব্ৰহ্ম মুহুৰ্তত(( সুৰ্য্য উদয়ৰ পুৰ্বৰ পৰা সূৰ্য্য উদয় পৰ্যন্ত প্ৰায় দুই ঘণ্টাৰ সময় ব্ৰহ্ম মুহুৰ্ত কোৱা হয়)) পৰম শান্তিৰ মুহুৰ্তত পথত বিচৰণ কৰি কোলাহল সৃষ্টিৰে মহালয়া মুহুৰ্তত শান্তি বিনষ্ট কৰি তোলে, এনে কৰা সম্পূৰ্ণ অনুচিত।
ইয়াৰ ফলত মৃত্যু লোকত আশ্ৰয় লোৱা অৰ্থাত মহাআলয় সৃষ্টি কৰা বা মৃত্যু লোকত সমাবেশ ঘটা চিন্ময় আত্মাই কষ্ট পাই আৰু ক্ৰোধান্বিত হৈ পৰে।
মহালয়াৰ সময়ত পিতৃকুলৰ শান্তিৰ অৰ্থে নদীৰ তীৰত শ্ৰদ্ধা অঞ্জলী নিবেদন কৰাহে নিয়ম ও হিতকাৰক।
জল তৰ্পন অৰ্ঘ্য সমৰ্পন মন্ত্ৰ…
"ময়া দত্তেন তোয়েন তৃপ্যান্ত ভুবনত্রয়ম,
আব্রহ্ম স্তম্ভ পর্যন্তং তৃপ্যন্তু'।।
মহালয়াৰ আগমণৰ পাছতেই সৃষ্টিৰ আধাৰ নবদুৰ্গাৰ আগমণ হয়।
বহুতেই মহালয়াৰ মাহাত্ম্যৰ অজ্ঞতাৰ বাবেই অজ্ঞানতে বহু অনাহক শব্দৰ অবতাৰণা কৰে আৰু প্ৰভাত কালত ভিন্ন ধৰণে কোলাহল সৃষ্টিৰে পৰিবেশ বিনষ্ট কৰি তোলে। ।
বহুতেই পিতৃ তৰ্পনৰ ঠাইত নিজে পথৰ কাষত স্বাদিষ্ট খোৱাত ব্যস্ত হৈ পৰাও দেখা যায়।
যাৰ ফল ভয়ানক হব পাৰে।
ত্রেতা যুগত ভগবান শ্রীৰাম চন্দ্র দক্ষিণায়ণ কালত অৰ্থাত দেৱশয়ন কালত অৰ্থাত অকালত মহামায়া মহাশক্তি, প্ৰলয়ৰ সিপাৰে বিৰাজমান, শক্তিৰূপেনসংস্থিতা মা দূর্গাৰ আৰাধনা কৰিছিল।
মহা প্ৰতাপী ৰাৱণৰ পৰাজয় অৰ্থে আৰু মাতা সীতাক উদ্ধাৰৰ বাবে মহাশক্তি মহামায়া দূর্গা দেৱীৰ আৰাধনা কৰিছিল।
সেই সময়ত দৈত্য ৰাজ ৰাৱনেই একমাত্ৰ দৈত্য কুলৰ ব্ৰাহ্মণ আছিল যি তিনি সন্ধ্যা পালনেৰে নিজৰ অস্তিত্ব ৰক্ষাত সমৰ্থ আছিল। ৰাৱনৰ অবিহনে দেৱী দুৰ্গাক সন্তুষ্ট কৰা কাৰো পক্ষে সম্ভৱ নাছিল।
শ্ৰীৰামৰ দেৱী পুজাৰ বাবে ৰাৱনকেই আমন্ত্ৰণ জনোৱা হৈছিল। ৰাৱণ দেৱী উপাসক আছিল সেয়ে নিজৰ মৃত্যুৰ বাবে দেৱীৰ আশীৰ্বাদ বিচাৰি পালন কৰা শ্ৰীৰাম চন্দ্ৰৰ যজ্ঞ উপাসনাত ৰাৱণ পুৰুহিত দায়িত্বৰ পৰা অকণো বিচলিত হোৱা নাছিল আৰু মহামায়াৰ শ্ৰীচৰণত শ্ৰীৰামৰ হৈ পুজা সম্পন্ন কৰাৰ অনুৰোধ ব্ৰাহ্মণ ৰূপে স্বীকাৰ কৰিছিল। যিটো বৰ্ত্তমান স্বাৰ্থপৰ কলিৰ মানৱৰ পক্ষে অসম্ভৱ।
সেই সময়টো আছিল শৰৎ কাল।
শ্ৰীৰাম চন্দ্ৰই অসময়ত, অকালত দেৱীৰ বোধন যুক্ত পুজা যজ্ঞ পালন কৰিছিল।
"বোধন" শব্দৰ অৰ্থ হৈছে "জাগ্ৰত কৰা"।
সেয়ে এই পূজাক বোধন যুক্ত শাৰদীয় দুৰ্গাপূজা বুলি কোৱা হয়।
প্ৰকৃততে দেৱী মহাশক্তিৰ পুজা পালন হয় বসন্ত কালত যেতিয়া ৰবিৰ উত্তৰায়ণ কাল চলি থাকে।
সেয়ে এই পূজাক বাসন্তী পূজাও কোৱা হয়।
বাসন্তি পূজা বলা হয়।
এই বাসন্তী পুজাত দেৱীৰ বোধন নাথাকে।
সনাতন ধর্মত কোনো শুভ অনুস্থান আৰম্ভ পূৰ্বক প্ৰথম পূৰ্বজৰ সন্তুষ্টিৰ অৰ্থে তথা স্বৰ্গগামী সমষ্ট জীৱ জগতৰ বাবে শ্ৰাদ্ধ তর্পনাদি কৰা হয়।
ব্রহ্ম বৈবর্ত পুৰাণ অনুসাৰে দেবতাসকলক সন্তুষ্ট কৰাৰ আগত একজন ব্যক্তিৰ পিতৃপুৰুষক সন্তুষ্ট কৰা উচিত।
অন্যথা ফল প্ৰাপ্তি বাধাগ্ৰস্ত হয়।
ভগৱান মহাবিষ্ণুৰ স্বৰুপ শ্ৰীৰাম চন্দ্ৰই দেৱী পুজাৰ পুৰ্বত সমষ্ট জীৱ কুলৰ মঙ্গল অৰ্থে শ্ৰদ্ধা অঞ্জলীৰে ইয়াকেই পালন কৰিছিল।
সনাতন বিশ্বাস অনুশৰি পিতৃ পক্ষৰ অন্তিম আমাবস্যা কালক পিতৃ লোক বাসী সমষ্ট অশৰীৰী আত্মাগণ মৃত্যু লোক বাসী পৰিজনক দেখা কৰাৰ বাবে ধৰ্মৰাজে মুক্ত কৰি দিয়ে।
অৰ্থাত এই সময়ত সুৰ্য্য উদয়ৰ কিছু আগত অৰ্থাত ব্ৰহ্ম মুহুৰ্তত পিতৃলোক বাসী সমষ্ট অশৰীৰী আত্মাগণ মৃত্যু লোকত সমাবেশ ঘটে।
ইয়াকেই মহাআলয় অৰ্থাত মহালয়া কোৱা হয়।
পুনঃ উল্লেখ কৰা হৈছে.. এই সময়ত কোলাহল সৃষ্টি অনুচিত।
পিতৃন প্রীনাতি যো ভক্ত্যা তে পুনঃ প্রীণয়ন্তি তম্।
যচ্ছন্তি পিতৰঃ পুষ্টিং স্বর্গাৰাগ্যং প্রজাফলম্।।"
অথ মৎস্যপুৰাণ বচণম্।
যে ব্যাক্তি ভক্তি সহকাৰে প্রতি বাৰ্ষিক পিতৃগণক শ্রাদ্ধ দ্বাৰা অঞ্জলী তৰ্পন অৰ্পন কৰে, পিতৃগণেও পুত্ৰ সকলক পুষ্টি, আৰোগ্য, সন্তান লাভ কৰাত সহায় কৰে। যি ভিন্ন ভাবে সহায় কৰি থাকে।
কিন্তু এই সময়ত প্ৰকৃত শ্ৰদ্ধাঞ্জলি দেখা নাপালে ক্ৰোধান্বিত হৈ পৰে আৰু ৰক্ত পিপাসু হৈ পৰে।
মহালয়াৰ সময়ত সেই সকলকো স্মৰণ কৰা হয় যাৰ পিতৃ পৰিজন, বন্ধু কোনো নাই।
"যেযাং, ন মাতা, ন পিতা, ন বন্ধু"
অর্থাৎ যি চিন্ময় আত্মাই আলোকৰ দিশত গমণ কৰি আছে যাৰ মাতা-পিতা-বন্ধু কোনো নাই তেওঁ লোকক স্মৰণ কৰিছোঁ যাতে তেওঁ লোকৰ আত্মাই তৃপ্তিলাভ কৰক।
শুভ মহালয়া
জয় মা দূর্গা
ॐ জন্ম মৃত্যু-জৰা তপ্ত-জনবিশ্রান্তি-দায়িনৈ নমঃ
সকলোলৈ আগন্তক শাৰদীয় দুৰ্গোৎসৱৰ আন্তৰিক শুভকামনা..
P Bhattacharya
VJ . Astro
কোন মন্তব্য নেই