Header Ads

ভারতের ধ্রুপদী ভাষা

ভাৰতত সাতটা ধ্ৰুপদী ভাষা আছিল। সেইকেইটা  হ'ল :
 ১/  তামিল ( ২০০৪ চনত স্বীকৃতি লাভ কৰিছিল ) ।
২/ সংস্কৃত ( ২০০৫ ) 
 ৩/ তেলেগু ( ২০০৮ ) 
৪/ কানাড়া ( ২০১১) 
৫/ মালয়ালম (২০১৩) 
৬/ ওডিয়া ( ২০১৪) 
৭/ মাৰাঠী  (২০২০ )
  এই ৭ টা ভাষাৰ লগতে আজি  অসমীয়া ভাষাও ( ২০২৪ ) ধ্ৰুপদী ভাষাৰূপে স্বীকৃত হৈছে ।
    ইয়াৰ  লগতে পালি , প্ৰাকৃত  আৰু বাংলা ভাষাই ধ্ৰুপদী ভাষাৰ স্বীকৃতি লাভ কৰিছে ।
    অসমীয়াৰ কাৰণে ই অতি গৌৰৱৰ খবৰ । গুৰুত্বপূৰ্ণ ভাষা --   হিন্দী ভাষাই এই তালিকাত স্থান পোৱা নাই ।
   ভাৰতত কোনো ভাষাক ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিয়াৰ মাপকাঠিসমূহ হ’ল-  
 ১/  ভাষাটো ১০০০ বছৰতকৈও অধিক পুৰণি ,  চহকী আৰু সাহিত্যৰ  ঐতিহ্য থাকিব লাগিব ।
 ২) ভাষাটোৰ নিজস্ব লিপি থাকিব লাগিব ।
 ৩)  কবিতা, নাটক, গদ্য  আদিকে ধৰি সাহিত্যলৈ  উল্লেখযোগ্য অৱদান থাকিব  লাগিব ।
 ৪)  সাহিত্যৰ ভেটি হিচাপে বিবেচিত মৌলিক গ্ৰন্থ থাকিব লাগিব ।
 ৫)অঞ্চলটোৰ অন্যান্য ভাষাৰ ওপৰত ভাষাটোৱে যথেষ্ট প্ৰভাৱ পেলাব পাৰিব লাগিব ।
 ৬)  ভাষাটো যথেষ্ট সংখ্যক লোকে ক’ব বা অধ্যয়ন কৰিব লাগিব ।
  অতিৰিক্ত কাৰকসমূহ -- 
 ১/ ঐতিহাসিক তাৎপৰ্য
 ২/ সাংস্কৃতিক গুৰুত্ব
 ৩/ ভৌগোলিক বিস্তৃতি 
 ৪/ ভাষিক স্বকীয়তা
 ৫) বিশেষজ্ঞৰ দ্বাৰা স্বীকৃত
   অসমীয়া ভাষাই  এই  মাপকাঠিসমূহ  পূৰণ কৰিছে আৰু ভাৰত চৰকাৰে অসমীয়া ভাষাক আজি ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি দিছে।
     ---চিৰ  চেনেহী মোৰ ভাষা জননী---
(গ্ৰন্থ সুভাস: FB page)

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.