মূখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মিশন বসুন্ধরা নিয়ে আলোকপাত
*মুখ্যমন্ত্ৰী*
মিছন বসুন্ধৰা ১ আৰু ২ৰ পিছত এইবাৰ আৰম্ভ হব মিছন বসুন্ধৰা ৩
২ অক্টোবৰ পৰা আৰম্ভ হব মিছন বসুন্ধৰা ৩
এইবাৰ মিছন বসুন্ধৰা ৩ৰ কোনো অন্তিম তাৰিখ নাথাকে
শেষৰ খন আবেদনলৈ চলি থাকিব মিছন বসুন্ধৰা ৩
মিছন বসুন্ধৰা ১ত ৮ লাখ লোক উপকৃত হৈছিল
মিছন বসুন্ধৰা ২ত ২ লাখতকৈ অধিক লোক উপকৃত হৈছিল
ইয়াৰ দ্বাৰা খিলঞ্জীয়া লোকসকল যথেষ্ট উপকৃত হৈছে
মিছন বসুন্ধৰা ৩ ত চাহ জনগোষ্ঠী আৰু গোর্খা জনগোষ্ঠীৰ লোকক তিনিটা প্ৰজন্মৰ প্ৰমাণ পত্ৰৰ প্ৰয়োজন নহয়
মিছন বসুন্ধৰা ২ত প্ৰত্যাখ্যান হোৱা বহু আবেদন এইবাৰ পুনৰ পৰীক্ষা কৰা হব
মিছন বসুন্ধৰা ৩ত নামঘৰ, মন্দিৰ, ক্লাৱ, বিহু কমিটি, পূজা কমিটি, সামাজিক অনুষ্ঠান আদিৰ ভূমিৰ কাম কাজ তৎকালে কৰা হব
এই ক্ষেত্ৰত মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰো অতিৰিক্ত ভূমি আবন্টনৰ কাম কৰিব
মিছন বসুন্ধৰা 2ত গুৱাহাটীৰ যিসকলে প্ৰিমীয়ামৰ অভাৱত তেওঁলোকৰ কাম হোৱা নাছিল
এতিয়াৰে পৰা সেই অসুবিধা দূৰ হব, কম টকাৰেও মিছন বসুন্ধৰা ৩ ত অন্তৰ্ভুক্ত কৰিব পাৰিব নিজৰ ভূমি
কিন্তু তাত এটা চৰ্ত থাকিব সেই ভূমি ভৱিষ্যতে কিনা বেচা হলে পূৰ্বতে দিব লগীয়া টকা খিনি আদায় দিব লাগিব
কোন মন্তব্য নেই