গণেশ পুজো ও গঙ্গাধর তিলক
গণেশ (গণপতি) পূজা,ভাৰতৰ স্বাধীনতা সংগ্ৰাম আৰু 'লোকমান্য' বাল গংগাধৰ তিলক:
কালিৰে পৰা মহাৰাষ্ট্ৰত,ঘাইকৈ মুম্বাইত আটাইতকৈ জনপ্ৰিয় উৎসৱ এঘাৰ দিনীয়া 'গণেশ চতুৰ্থী 'আৰম্ভ হৈছে । ১৮৯৩ চনলৈ মহাৰাষ্ট্ৰত অকল ঘৰে ঘৰে এই পূজা পতা হৈছিল,ৰাজহুৱা স্থানত নহয় । ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ অন্যতম গুৰিধৰোতা,সমাজ সংস্কাৰক বাল গংগাধৰ তিলকে 'God of Everyman' গণেশৰ যোগেদি বৃটিছৰ বিৰুদ্ধে যুঁজাৰ কৌশল বিচাৰি উলিয়ালে । সেইসময়ত বৃটিছে ৰাজহুৱা স্থানত ভাৰতীয়ক গোটখোৱা,ৰাজনৈতিক সভা সমিতি অনুষ্ঠিত কৰাত অনুমতি নিদিছিল । তেখেতে হিন্দু ধৰ্মীয় চেতনা জাগৰিত কৰি গণেশক ৰাজহুৱা স্থানত দহ দিনীয়া সাৰ্বজনীন পূজাৰ আয়োজন আৰম্ভ কৰিলে । এই পূজাৰ চলেৰে ৰাইজক বৃটিছৰ বিৰুদ্ধে ৰাজনৈতিকভাৱে একগোট কৰিবলৈ আৰম্ভ কৰিলে আৰু লগত আছিল তেখেতৰ বাতৰি কাকত 'কেশৰী' । পুণেত আৰম্ভ কৰা এই সামাজিক ধাৰ্মিক ৰাজনৈতিক আন্দোলন লাহে লাহে মুম্বাইকে আদি কৰি গোটেই মহাৰাষ্ট্ৰত ৰাইজৰ মাজত বিয়পি পৰিল,এই পূজাবিলাক ব্ৰাহ্মণ-অ ব্ৰাহ্মণ সকলোৰে ঐক্য সংহতিৰ মিলনথলীলৈ ৰূপান্তৰিত হবলৈ ধৰিলে । এই মন্ডপসমূহত নৃত্য,দেশভক্তিমূলক গীত-নাট প্ৰদৰ্শন আৰু আনকি ৰাজনৈতিক শ্লগান দিয়াৰো ব্যৱস্থা কৰা হৈছিল । ১৮৯৩চনত পুণেৰ ৰাজপথদি প্ৰথম বাৰৰ বাবে গণেশ বিসৰ্জনৰ শোভাযাত্ৰা উলিওৱা হয় । ইয়াৰোপৰি তিলকে সকলো পূজাৰ বিসৰ্জন একে স্থানত কৰাৰ গুৰুত্ব দিছিল । ১৯২০চনত 'লোকমান্য' বাল গঙ্গাধৰ তিলকে মৃত্যুবৰণ কৰে ।
কোন মন্তব্য নেই