নিষিদ্ধ সংগঠন আলফা কে প্রশ্রয় দিচ্ছেন মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা ,তার বিরুদ্ধে ব্যবস্থা গ্রহনের দাবী দেবব্রত সৈকিয়ার
▪️ আলফাক উচটনি যোগোৱা হিমন্ত বিশ্ব শৰ্মাক গ্ৰেপ্তাৰ কৰিবনে বুলি প্ৰশ্ন
▪️ অসম চৰকাৰক নিজৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ প্ৰত্যাহ্বান দেৱব্ৰত শইকীয়াৰ
গুৱাহাটী, ১৫ ছেপ্টেম্বৰঃ বৰ্ষাশ্ৰী বুঢ়াগোহাঁইক 'স্বাধীন সুৰুযৰ দিশে আকৌ এখোজ’ শীৰ্ষক এটা কবিতা লিখা বাবেই জেলত ভৰাই দিয়া হৈছিল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া অসমৰ বাহিৰত আলফাৰ দৰে উগ্ৰপন্থী সংগঠনক সেনাবাহিনীক আক্ৰমণ কৰিবলৈ জনোৱা আহ্বানৰ পিছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব নে নাই? এই প্ৰশ্ন বিৰোধী দলৰ নেতা দেৱব্ৰত শইকীয়াৰ। আজি শিমলুগুৰিত এক সংবাদমেলত শইকীয়াই কয় যে আলফাৰ দৰে উগ্ৰপন্থী সংগঠনক সেনাবাহিনীৰ বিৰুদ্ধে উচটনি যোগোৱা কাৰ্য সাংবিধানিক পদত থকা এজন লোকে কেনেকৈ কৰিব পাৰে? ভাৰতবৰ্ষৰ অংগৰাজ্য অসমক পৃথক কৰাৰ দাবী তুলি আলফাৰ দৰে সংগঠনে সশস্ত্ৰ আৰু হিংসাত্মক কাৰ্যকলাপ অব্যাহত ৰখাৰ সময়ত মুখ্যমন্ত্ৰীজনৰ এনে মন্তব্য কেন্দ্ৰীয় গৃহবিভাগে কেনেদৰে লয় সেয়া চাবলগীয়া হ’ব। শইকীয়াই লগতে কয়, কংগ্ৰেছ দল কেতিয়াও জনজাতি বিৰোধী নহয় আৰু কংগ্ৰেছে ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ সুৰক্ষিত কৰাৰ স্বাৰ্থতেই কাম কৰি আহিছে। বিগত এসপ্তাহ ধৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কংগ্ৰেছ দল আৰু মোক আক্ৰমণৰ লক্ষ্য কৰি আহিছে বুলি উল্লেখ কৰি শইকীয়াই কয় যে ট্ৰাইবেল বেল্ট সুৰক্ষাৰ ক্ষেত্ৰত প্ৰয়োজন হ’লে নতুন আইন আনক। বিজেপিয়েহে জনজাতিসমূহৰ বিৰুদ্ধে কাম কৰিছে বুলি উল্লেখ কৰি তেওঁ কয় যে কামৰূপৰ বহু এলেকাত জনজাতীয় বেল্ট যোৱা ৮ বছৰ সংৰক্ষণমুক্ত কৰি কাৰোবাক সহায় কৰি আহিছে। কংগ্ৰেছ চৰকাৰে জনজাতিসকলৰ সুৰক্ষাৰ বাবে তাহানিৰে পৰা কাম কৰি আহিছে আৰু গোপীনাথ বৰদলৈ ডাঙৰীয়াই ট্ৰাইবেল বেল্ট আৰু ব্লকসমূহ চিহ্নিত কৰি জনজাতিসকলৰ ভাষা-সাহিত্য, কৃষ্টি আৰু ভূমিৰ অধিকাৰ সুৰক্ষিত কৰিছে। কংগ্ৰেছে সদায় জনজাতীয় লোকসকলৰ সপক্ষে কাম কৰি যাব বুলি উল্লেখ কৰি কচুতলিৰ সমীপত থকা উদ্যোগসমূহ চৰকাৰে উচ্ছেদ কিয় নকৰে বুলিও তেওঁ মুখ্যমন্ত্ৰীক প্ৰশ্ন কৰে। লগতে কচুতলিত সংঘটিত ৰক্তপাতৰ ঘটনা মোৰ উচটনিত হোৱা বুলি মুখ্যমন্ত্ৰীয়ে যি অভিযোগ উত্থাপন কৰিছে সেয়া ভিত্তিহীন বুলি উল্লেখ কৰি শইকীয়াই কয় যে চৰকাৰে যদি মোৰ উচটনিমূলক মন্তব্যৰ কিবা প্ৰমাণ দিব পাৰে তেতিয়াহ’লে মই ভাৰতীয় ন্যায় সংহিতাৰ অধীনৰ যিকোনো শাস্তি মূৰ পাতি ল’বলৈ সাজু আছো। অসম আৰক্ষীৰ সঞ্চালক প্ৰধানক সাক্ষ্য প্ৰমাণ গোটাই আজি শইকীয়াই তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈকো প্ৰত্যহ্বান জনায়।
প্লীজ সেন্ড ফটোগ্রাফ অফ দেবব্রত সেন্ড whatasapp নম্বর অমল গুপ্ত
কোন মন্তব্য নেই