Header Ads

উৎপল শইকিয়া ২০২৪ সালের রাষ্ট্রীয় কৃতি শিক্ষক নির্বাচিত

উৎপল শইকীয়ালৈ ২০২৪ ৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক সন্মান

বিশেষ প্ৰতিনিধি, দিল্লী, ৫ ছেপ্তেম্বৰ : দেশৰ শিক্ষা ব্যৱস্থা উন্নত কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ভাৰত চৰকাৰে ৰাজ্যৰ শিক্ষকসকলক কৃতি শিক্ষকৰ বঁটা প্ৰদান কৰি আহিছে ।শিক্ষকসকলক ৰাষ্ট্ৰীয় বঁটা প্ৰদানৰ উদ্দেশ্য হৈছে দেশৰ শিক্ষকসকলৰ অনন্য অৱদানক উজ্জ্বল কৰি তোলা আৰু এনে শিক্ষকসকলক সন্মান জনোৱা যিয়ে নিজৰ দায়বদ্ধতা আৰু কঠোৰ পৰিশ্ৰমৰ জৰিয়তে  শিক্ষাৰ মান উন্নত কৰাই নহয়, ছাত্ৰ-ছাত্ৰীসকলৰ জীৱনকো সমৃদ্ধ কৰি তুলিছে।
বিগত বৰ্ষৰ দৰে এই বৰ্ষৰো দেশৰ শৈক্ষিক ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা দেশৰ মুঠ ৮২  গৰাকী শিক্ষকলৈ আগবঢ়ায় ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা । এইবাৰ  ৫০ গৰাকী বিদ্যালয়ৰ শিক্ষক, উচ্চ শিক্ষাৰ ১৬ গৰাকী শিক্ষক আৰু দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্ৰালয়ৰ ১৬ গৰাকী শিক্ষকক সন্মান জনোৱা হয় । কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰা ১৬ গৰাকী দক্ষতা বিকাশ আৰু উদ্যোগীকৰণ মন্ত্রালয়ৰ শিক্ষকৰ ভিতৰত অসমৰ পৰা ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটাৰে পুৰষ্কৃত কৰা হয় উৎপল শইকীয়াক । ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা লাভ কৰা উৎপল শইকীয়া গুৱাহাটীৰ উত্তৰ-পুৱ দক্ষতা বিকাশ কেন্দ্ৰৰ প্ৰশিক্ষক। উৎপল শইকীয়াই ছিংগাপুৰৰ আই টি ই ই এছৰদ্বাৰা( ITEES) প্ৰশিক্ষণপ্ৰাপ্ত প্ৰশিক্ষক । তেওঁ আমেৰিকাত ৫ বছৰকাল সেৱা আগবঢ়াইছিল৷ প্ৰায় ১৩ বছৰৰো অধিক ব্যৱহাৰিক জ্ঞানেৰে অভিজ্ঞ শইকীয়াক ৰাষ্ট্ৰপতিৰ হাতেৰে বঁটা প্ৰদান কৰাত অসমবাসী গৌৰৱান্বিত৷ অসমৰ পৰা একমাত্ৰ শিক্ষক দ্বীপেন খনিকই এইবাৰ এই বঁটাৰ বাবে নিৰ্বাচিত হৈছে ৷ এইগৰাকী আদৰ্শ প্ৰশিক্ষকে উত্তৰ-পুৱ দক্ষতা বিকাশ কেন্দ্ৰত ২০১৮ চনত যোগদান কৰিছিল। মানৱ সম্পদ গঢ় দিয়াৰ কামত নিজক নিষ্ঠাৰে নিয়োজিত কৰা উৎপল শইকীয়াৰ ঘৰ ধেমাজিৰ ভৰাঁলী চুকত। বৰ্তমান কৰ্মসুত্রে পত্নী আৰু কন্যাৰ সৈতে গুৱাহাটীতে থাকে শইকীয়া ।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.