অসমে আর্থিক কেলেঙ্কারি বন্ধ করার আহ্বান বিরোধী দলপতি দেবব্রত সাইকিয়ার
📜 অসমত বিত্তীয় কেলেংকাৰী বন্ধ কৰক...
আজি আমাৰ সন্মানীয় কেইবাজনো কংগ্ৰেছ বিধায়ক আৰু অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ বিষয়ববীয়াৰ সৈতে অসমত শেহতীয়াকৈ ভুৱা ট্ৰেডিং কোম্পানীৰ নামত বৃদ্ধি পোৱা বিত্তীয় কেলেংকাৰী ওপৰত ন্যায়িক তদন্তৰ আহ্বান জনাই মাননীয় ৰাজ্যপাল শ্ৰীযুত লক্ষ্মণ প্ৰসাদ আচাৰ্য্য ডাঙৰীয়াক ৰাজভৱনত সাক্ষাৎ কৰি তেখেতৰ হাতত এখন স্মাৰক পত্ৰ অৰ্পণ কৰোঁ। এই কেলেংকাৰীয়ে অগণন নিৰীহ বিনিয়োগকাৰীক ধ্বংস কৰিছে যাৰবাবে ইয়াৰ ওপৰত জৰুৰী ব্যৱস্থা গ্ৰহণ কৰাটো অতি প্ৰয়োজন।
এই স্মাৰকৰ জড়িয়তে আমি স্বচ্ছতা আৰু ন্যায় সুনিশ্চিত কৰিবলৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰীক্ষণত কেন্দ্ৰীয় সংস্থাসমূহৰ পুংখানুপুংখ তদন্তৰ দাবী জনাওঁ। ইয়াৰ উপৰিও দোষীক জবাবদিহি কৰাৰ লগতে আমাৰ জনসাধাৰণৰ আৰ্থিক স্বাৰ্থ ৰক্ষা কৰিবলৈ অসম চৰকাৰক নিৰ্দেশ দিবলৈও ৰাজ্যপাল মহোদয়ক আহ্বান জনাওঁ।
কোন মন্তব্য নেই