Header Ads

অনলাইনে ট্রেডিং কেলেঙ্কারি ,দেবব্রত সৈকিয়া বক্তব্য

অনলাইন ট্ৰেডিং কেলেংকাৰি সম্পৰ্কীয় সংবাদমেলৰ সংযোজনঃ

▪️ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী দেৱব্ৰত শইকীয়াৰ

সংবাদমেলত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অনলাইন ট্ৰেডিঙত জড়িত লোকসকলক অসম চৰকাৰৰ ২০১৩ চনৰ The Assam Protection of Interests of Depositors (in Financial Establishments) Act অনুযায়ী দোষীক শাস্তি প্ৰদান কৰিবৰ বাবে আহ্বান জনায়। জ্যেষ্ঠ কংগ্ৰেছ নেতা শইকীয়াই কয় যে প্ৰয়াত মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈয়ে ২০১৩ চনতেই এনেধৰণৰ অবৈধ বিত্তীয় ব্যৱসায়ীৰ বিৰুদ্ধে আইন প্ৰণয়ন কৰিছিল আৰু সেই আইন অনুযায়ী কোনো লোকে বৈধভাৱে বিত্তীয় লেনদেন কৰিবলৈ গ’লে জিলা উপায়ুক্ত, পৌৰ নিগম বা সভাৰ অনুজ্ঞাপত্ৰ ল’ব লাগিব আৰু ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নীতি-নিয়ম মানি চলিব লাগিব। এইক্ষেত্ৰত এই প্ৰতিষ্ঠানসমূহৰ নীতি-নিয়ম মানি চলিছিল নে নাই সেয়া তদন্তৰ আওতালৈ আহিব লাগিব। এই ভয়ংকৰ জালিয়াতিৰ লগত জড়িত লোকসকলৰ বিৰুদ্ধে আইনমতে শাস্তিৰ ব্যৱস্থা আছে। তেওঁলোকৰ সা-সম্পত্তি বাজেয়াপ্ত কৰিব লাগে। সেয়া কৰা হৈছে নে নাই? সমগ্ৰ বিষয়টোত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এগৰাকী ন্যায়াধীশৰ দ্বাৰা তদন্ত কৰিব লাগে আৰু ইডি, চিবিআইৰ যোগেদি অনুসন্ধান কৰাব লাগে। শইকীয়াই লগতে সাধাৰণ ৰাইজৰ সা-সম্পত্তিক সুৰক্ষা দিয়াৰ ক্ষেত্ৰত এইখন চৰকাৰ ব্যৰ্থ হোৱা বুলি অভিযোগ কৰে।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.