Header Ads

কংগ্রেস সভাপতি ভূপেন বরার অঙ্গীকার


 নয়া ঠাহর ,গুয়াহাটি
অসমবাসী ৰাইজ, বিশেষকৈ কংগ্ৰেছ দলৰ কৰ্মী, বিৰোধী ঐক্য মঞ্চৰ যিসকল লোকে এই যুঁজত সহায় কৰিলে, ভোট দিলে, সহযোগিতা কৰিলে, প্ৰচাৰত সহায় কৰিলে সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছো৷ অগপ, ইউপিপিএলকে ধৰি বিজয়ী সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছো৷ আসনৰ ফালৰ পৰা যদি চাও তেন্তে আমি আশা কৰাতকৈ কম হৈছে৷ কিন্তু অসমৰ ৰাইজক আশ্বস্ত কৰিব খুজিছো যে সংখ্যাত কম যদিও আমাৰ তিনি সাংসদে আহি থকা সময়ত অসমৰ ৰাইজৰ প্ৰয়োজনীয় বিষয়সমূহ সদনত উত্থাপন কৰিব৷ ইতিমধ্যে গৌৰৱ গগৈ ডাঙৰীয়া তৃতীয়বাৰৰ বাবে সাংসদ হৈছে৷ প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া দ্বিতীয়বাৰ সাংসদ হৈছে৷ ৰকিবুল হুছেইন ডাঙৰীয়া ৫ বাৰৰ বিধায়ক, মন্ত্ৰী৷ দেশৰ ভিতৰত তৃতীয় সৰ্ববৃহৎ বিজয় ৰকিবুল হুছেইন৷ কৰিমগঞ্জ আসনখনত আমাৰ জয় নিশ্চিত আছিল৷ কিন্তু আমি ১৫ হাজাৰতকৈ কম ভোট পৰাজিত হৈছো৷ আমি কৰিমগঞ্জ আসনখন জয়ী হ’ম বুলি অত্যন্ত আশাবাদী আছিলো৷ আমাৰ ক’ত কি ভুল হৈ গ’ল আমি পৰ্যালোচনা কৰিম৷ কিন্তু সামগ্ৰিকভাৱে পৰ্যবেক্ষণ কৰিব, তেতিয়া দেখিব যে কংগ্ৰেছ দলৰ নৈতিক বিজয় হৈছে৷ আমি হাৰি হাৰি, হাৰিও জিকিছো৷ বিজেপি জিকি জিকি হাৰিছে৷ নিৰ্বাচনত বিজেপিয়ে ভোট পাইছে ৩৭.৪৩ শতাংশ৷ কংগ্ৰেছ পাইছে ৩৭.৪৮ শতাংশ ভোট৷ বিৰোধীয়ে ৰাজ্যখনৰ ৰাইজৰ আস্থা আৰু বিশ্বাস আদায় কৰিবলৈ সক্ষম হৈছো৷ কিন্তু সংখ্যাগতভাৱে আসন কমিছে৷ বিগত কিছু বছৰ ধৰি ৰাজ্যখনৰ শংকৰী সংস্কৃতিৰ অৱক্ষয় হৈছে৷ মহাপুৰুষ শ্ৰীমন্ত শংকৰেদৰ পথ-নিৰ্দেশনা আছিল- 

কিৰাট কছাৰী খাছী গাৰো মিৰি
যৱন কঙ্ক গোৱাল
অসম মুলুক ধোবা যে তুৰুক
কুমাৰ ম্লেছ চণ্ডাল৷

অসমীয়া জাতিৰ এই যি সত্তা আছিল, যি ভেটি শংকৰদেৱে নিৰ্মাণ কৰিছিল সেই শংকৰী সংস্কৃতিক হিন্দুত্ববাদী নমামী ব্ৰহ্মপুত্ৰ জাতীয় ধ্যান-ধাৰণাই যিটো আঘাত হানিছিল সেই আঘাত সম্পৰ্কত ৰাইজক আমি কথাখিনি ক’বলৈ চেষ্টা কৰিছিলো৷ অসমে শংকৰদেৱ, মাধৱদেৱ, আজান ফকীৰ, জ্যোতি-বিষ্ণু, ভূপেন হাজৰিকাই দেখুৱাই যোৱা পথটোৰ পৰা বিচলিত হ’লে বিপদ হ’ব৷ আমি দৃঢ় বিশ্বাস যে আমাৰ সেই কথাটোৰ প্ৰতি ৰাইজে সহাৰি দিছে৷ আমাৰ অসমত জয় শ্ৰীৰাম নচলে৷ আমি অসমত ৰাম বিজয়ৰ ভাওনা পাতো নামঘৰত৷ সেয়া আমাৰ পৰম্পৰা৷ আমি কৃষ্ণৰ জন্মষ্টামী পাতো৷ এয়া অসমৰ জাতীয় পৰম্পৰা৷ তাৰ ওপৰলৈ গৈ ভাৱধাৰা, পৰম্পৰা, ৰীতি-নীতিক হেঁচা মাৰি ধৰি বিজেপিৰ আগ্ৰাসী হিন্দুত্ববাদীৰ ৰাজনীতি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, জ্যোতিপ্ৰসাদৰ কথাই কওক তেওঁলোকৰ দৰ্শনৰ বিপৰীতে এটা ধাৰা বনাবলৈ চেষ্টা কৰা হৈছে৷ দীনদয়াল উপাধ্যায়, শ্যামাপ্ৰসাদ মুখাৰ্জী এওলোকক জাতিৰ মূৰৰ ওপৰত জোৰ-জবৰদস্তি জাপি দিয়া হৈছে৷ ইয়াৰ বিৰুদ্ধে অসমীয়া জাতি, সকলো ৰাইজৰ প্ৰতি আমাৰ যি আহ্বান আছিল, সেই আহ্বানৰ প্ৰতি ৰাইজে সহাৰি দিবলৈ আৰম্ভ কৰিছে৷ হয় আমি হাৰিছো৷ তাৰ দায়িত্ব লম৷ তাৰ পৰ্যালোচনা সভা হ’ব৷ আমাৰ দুৰ্বলতাৰ নিৰ্মোহ বিশ্লেষণ কৰিম৷ দিল্লীত এতিয়াও চৰকাৰ হ’ব বুলি আমি আশাবাদী৷ আমি দিল্লীত চৰকাৰ বিচাৰিছো৷ ৩০ লাখ চাকৰি, মহিলাক ১ লাখ টকাকৈ দিয়াৰ কথা আছে৷ আমি কেন্দ্ৰীয় নেতৃত্বক এই কথা কৈ দিছো৷ ২৮ হাজাৰ ৬৪৫টা বুথৰ ৪০ শতাংশ বুথত আমি প্ৰথম স্থান পাইছো৷ আমি কিমান কষ্ট কৰিলে, কিমান সংযত হ’লে, ৰাইজৰ লগতে কেনেদৰে সম্পৰ্ক কৰিলে ২৮ হাজাৰ বুথতে প্ৰথম হ’ব পাৰো৷ তাৰ বিশ্লেষণ কৰিম৷ পাহাৰীয়া জিলা আৰু বিটিআৰ অঞ্চলৰ পৰা অহা বাৰ্তা মতে, আমি আৰু বহু কৰিবলগীয়া আছে৷ অসমৰ বিৰোধী ঐক্য মঞ্চই কিছু মন্থন কৰি গঠনমূলকভাৱে আগবাঢ়ি যোৱাৰ সিদ্ধান্ত লৈছো৷ ফলাফলৰ দ্বাৰা আন এটা কথা স্পষ্ট যে কংগ্ৰেছৰ ধৰ্ম নিৰপেক্ষ সত্বাটোৰ প্ৰতি কংগ্ৰেছেই ভাবুকি আনিছিলো৷ আমি বিজেপিৰ নামৰ সাম্প্ৰদায়িক শক্তিটোৰ সৈতে যুঁজিবলৈ এআইইউডিএফ নামৰ অন্য এটা শক্তিৰে হাত মিলাইছিলো৷ কংগ্ৰেছে সেই কাম কৰি ধৰ্মনিৰপেক্ষ চৰিত্ৰটোৰ প্ৰতি মহাপাপ কৰিছিল৷ আৰু সেই মহাপাপৰ প্ৰায়শ্চিত্ত মই কৰিম বুলি কৈছিলো৷ চেষ্টা কৰাৰ ফলতে মই চকী এৰিবলগীয়া পৰ্যায় পাইছিল৷ ভাৰত জোড়ো যাত্ৰাত আজমল ডাঙৰীয়াক খোজকঢ়াব বিচাৰিছিল৷ তেতিয়া মই কৈছিলো হয় আজমল থাকিব, নহ’লে মই থাকিম৷ মই ফলাফল লৈ উৎসাহিত নহয় আৰু দুখীও নহয়৷ আমাৰ প্ৰকৃত যুঁজখন আছে ২০২৬ত৷   


*ভূপেন বৰা*
সভাপতি, অসম প্ৰদেশ কংগ্ৰেছ কমিটি
গুৱাহাটী, ০৫ জুন ২০২৪

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.