Header Ads

নিজের চিকিৎসা নিজে করুন মানসিক ভাবে ভাল থাকবেন

*মানসিকভাৱে ভালে থকাৰ উপায়*

গৰুৱে আমাক গাখীৰ নিদিয়ে, আমি জোৰ কৰি কাঢ়ি নিওঁ। গাধয়ো বোজা নবয়, মানুহেই জোৰ কৰি কামটো কৰায়। সিংহিনীয়েও গাখীৰ দিয়ে, সিংহয়ো ওজন কঢ়িওৱাত সক্ষম। কিন্তু সিংহৰ দ্বাৰাই সেইবোৰ কৰোৱা মানুহৰ ক্ষমতাৰ বাহিৰত।

এইবাবে চিধা আৰু ভাল মানুহক গৰু বা গাধৰ লগত তুলনা কৰা হয়। এই দুটা প্ৰাণীৰ নামেৰে কোনো মানুহক মাতা মানে তেওঁক অপমান কৰা। কিন্তু কাৰোবাক সিংহ বুলি ক'লে তেওঁ বেয়া পোৱাৰ সলনি ওলোটাই গর্ববোধ কৰে। এই যে সিংহটো, যিয়ে আজিলৈকে মানুহৰ কোনো উপকাৰ নকৰিলে, যাৰ সন্মুখলৈ মানুহ গ'লে মুহূৰ্তৰ ভিতৰত সিপাৰ পাব, সেই সিংহ হৈছে মানুহৰ চকুত ৰজা। উপকাৰী গাধ হৈছে হাঁহিৰ বস্তু।

অতিৰিক্ত ভাল হোৱাৰ এইটোৱেই সমস্যা। অতিৰিক্ত ভাল মানুহবিলাক কাৰো ওচৰত গুৰুত্ব নাপায়। নিঃস্বাৰ্থভাৱে ত্যাগ কৰি যোৱা, আনৰ উপকাৰ কৰি যোৱা, আঘাতৰ পিছত আঘাত সহ্য কৰিও হাঁহিমুখে কাৰোবাক ভাল পাই যোৱা, তুমি তেওঁৰ চকুত গাধৰ বাদে আন একোৱে নহ'বা। যদি ভাবা, তেওঁ কোনোবা দিনা হয়তো এইবোৰৰ মূল্য বুজি পাব, তেতিয়াহলে তুমি সঁচাকৈয়ে গাধ। কাৰোবাৰ পৰা নিজৰ দাম পাবলৈ হ'লে এবাৰ অন্তত সিংহৰ দৰে হ'বই লাগিব।

মৃত্যুৰ পিছতো বেংকত আপোনাৰ টকা থাকি যাব। কঠিন বাস্তৱ সত্যটো হৈছে, ধনী হোৱাতকৈ দীর্ঘ জীৱন লাভ কৰাটো বেছি জৰুৰী। সেয়ে, অধিক বিত্তশালী হোৱাৰ বাবে অবিৰাম শ্ৰম নকৰি দীর্ঘ আৰু সুস্থ জীৱন যাপন কৰাৰ চেষ্টা কৰা উচিত, নিজক তেনেকৈ গঢ়া উচিত। আমাৰ জীৱনৰ নানা ঘটনাৰ পৰা এই সত্যটো মৰ্মে মৰ্মে উপলব্ধি কৰিব পাৰি।

দামী আৰু বহু সুবিধাযুক্ত এটি মোবাইলৰ 70% অব্যৱহৃত থাকি যায়। প্ৰসাদোতুল্য অট্টালিকাৰ 70%ত কোনেও বসবাস নকৰে। এখন মূল্যবান আৰু দ্ৰুতগতিৰ গাড়ীৰ 70% গতিৰ কোনো দৰকাৰেই নহয়। কিছুমান মানুহৰ আলমাৰীৰ কাপোৰৰ বেছিভাগ কোনো দিনে পিন্ধা নহয়। 

আপোনাৰ জমা কৰা অৰ্থ যিসকলৰ বাবে ৰাখি যাব, বছৰত এবাৰো আপোনাৰ বাবে প্ৰাৰ্থনা কৰিবলৈ সিহঁতৰ সময় নহ'ব। আনকি জীয়াই থাকোঁতেই আপোনাৰ অৰ্থবলত বাঢ়ি উঠা মানুহবোৰে আপোনাক বৃদ্ধাশ্ৰমত থৈ আহিব পাৰে। সেয়ে জীয়াই থাকোঁতে 100% সুৰক্ষা আৰু পূৰ্ণ সদব্যৱহাৰ কৰাটোৱে শ্ৰেয়।

কৰণীয় কি?
1) অসুস্থ নহ'লেও মেডিকেল চেক আপ কৰাওঁক। (আমাৰ মন্তব্য: আপোনাৰ শ্ৰেষ্ঠ ডাক্তৰ আপুনি নিজেই। কোনো অসুবিধা নাপালে কেতিয়াও চেক আপ নকৰাব, অযথা বিভিন্ন ৰশ্মিয়ে আপোনাৰ গা বেমাৰী কৰি ডাক্তৰ দেখুৱাবৰ বাবে শৰীৰ প্ৰস্তুত কৰিব।)
2) অতিৰিক্ত দুশ্চিন্তা নকৰিব।
3) মানুহক ক্ষমা কৰি দিয়ক।
4) খং পুহি নাৰাখিব।
5) পিয়াহ নালাগিলেও পানী পিয়ক। (আমাৰ মন্তব্য:- শৰীৰৰ কথা শুনক, পিয়াহ লাগিলে পানী খাব, নালাগিলে জোৰ কৰি নাখাব।)
6) সঠিক বুলি জানিলেও প্ৰয়োজনত এৰা ধৰা কৰক।
7) যিমানে বয়স নহওঁক কিয়, যিমানে ব্যস্ত নাথাকক কিয়, জীৱনসঙ্গীনিৰ হাতত ধৰি ঘূৰক, বাহিৰত খোৱাৰ প্ৰগ্ৰেম কৰক, বাদাম ঝালমুড়ি আদি খাওঁক।
8) ক্ষমতাশালী হ'লেও বিনয়ী হওঁক।
9) আৰ্থিক সংগতি থাকিলে পৰিয়াল সহ দেশ বিদেশত ফুৰিবলৈ যাওঁক।
10) ধনী নহ'লেও তৃপ্ত থাকক।
11) মাজে মাজে ৰাতিপুৱাৰ সূৰ্যোদয়, ৰাতিৰ জোনাকলৈ চাওঁক। বৰষুণত জিকক, ৰ'দ লগাওঁক।
12) মহাব্যস্ত থাকিলেও নিয়মিত ব্যায়াম কৰক, খোজ কাঢ়ক। সৃষ্টিকৰ্তাক স্মৰণ কৰক। (আমাৰ মন্তব্য:- খেয়ালি ঈশ্বৰৰ সলনি প্ৰকৃতিৰ সৌন্দৰ্য উপভোগ কৰক, নৰনাৰায়ণক ভক্তি কৰক।)
13) সদায় প্ৰফুল্ল থাকক। সুযোগ পালেই কৌতুক পঢ়ক, মজাৰ মজাৰ গল্প কওঁক।
14) সকলোৰে লগত মিলি যাওঁক, সৰু ডাঙৰ বাছ বিচাৰ নকৰিব।
--------------------
(লেখাটো WORLD MENTAL HEALTH DAY উপলক্ষে প্ৰকাশিত জাৰ্নেলৰ পৰা লোৱা, কিছু পৰিমাণে পৰিমাৰ্জিত।)

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.