Header Ads

সংবাদিক বিজু ফুকন দাস এর বাবা মারা গেলেন

##  পিতৃহাৰা হ'ল সাংবাদিক বিজু ফুকন দাস

ষ্টাফ ৰিপ'ৰ্টাৰ, গুৱাহাটী, ৯ মে'::- দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত অৱশেষত বৃহস্পতিবাৰে চিৰবিদায় মাগে  বঙাইগাঁও জিলাৰ মাণিকপুৰৰ আৱাদী গাঁও নিবাসী তথা সাংবাদিক বিজু ফুকন দাসৰ পিতৃ সত্যেশ্বৰ দাস । ১৯৫১ চনৰ ১৫ মে'ত আৱাদী গাঁৱত জন্ম লাভ কৰা প্ৰয়াত সত্যেশ্বৰ দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৭৩ বছৰ । স্থানীয় সামাজিক, ৰাজনৈতিক আদি সকলো সংগঠনৰ লগত জড়িত দাস কৃষি কৰ্মৰ লগত জড়িত হৈ কিছু উদ্ভাবনীমূলক কৃষি কাৰ্যৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল । বিশিষ্ট কৃষক সত্যেশ্বৰ দাসৰ বিয়োগত স্থানীয় সকলো দল-সংগঠনে শোক প্ৰকাশ কৰাৰ লগতে সমগ্ৰ অঞ্চলতে গভীৰ শোকৰ ছাঁ পৰে । বৃহত্তৰ আৱাদী অঞ্চলৰ নামঘৰৰ পৰা আৰম্ভ কৰি সকলো ৰাজহুৱা কামত জড়িত হৈ সমাজৰ সেৱাত ব্ৰতী হৈ থকা প্ৰয়াত সত্যেশ্বৰ দাসে মৃত্যুৰ পিছত পত্নী ৰীতে বালা দাসৰ লগতে একমাত্ৰ পুত্ৰ তথা সাংবাদিক বিজু ফুকন দাস, বোৱাৰী পখিলা ৰায় আৰু দুই নাতিনী আদ্ৰিকা আকাংক্ষা আৰু নিধি নিবৃত্তিক এৰি যায় ॥

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.