অসমের মূখ্য মন্ত্রী র আগ্রাসী নির্বাচন প্রচার বিরোধী খান খান
হিমন্ত বিশ্ব শৰ্মা "ছুপাৰ" ৰাজনীতিক
মুখ্যমন্ত্ৰীৰ ক্ষুৰধাৰ নিৰ্বাচনী ভাষণত তচনচ বিৰোধী
চন্দ্র কুমার সাইকিয়া। :"ছুপাৰ" ৰাজনীতিবিদৰ ৰূপত আবিৰ্ভাৱ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা৷ সমাগত লোকসভা নিৰ্বাচনৰ নিৰ্বাচনী প্ৰচাৰ সভাবোৰত বিৰোধীক ক্ষুৰধাৰ সমালোচনাৰে থকাসৰকা কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত নিমিষতে ধূলিসাৎ হৈ পৰিছে কংগ্ৰেছ নেতাসকল৷ আগন্তুক লোকসভাৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ডিব্ৰুগড়, লক্ষীমপুৰ, শোণিতপুৰ, যোৰহাট , কাজিৰঙা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিল পৰ্বত উপস্থিত থাকে মুখ্যমন্ত্ৰী ড° শৰ্মা৷ বুধবাৰে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে শিলচৰ আৰু কৰিমগঞ্জত বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সময়তো উপস্থিত থাকি জনসভাত উদাত্ত ভাষণেৰে জনতাক উৎসাহিত কৰা দেখা গৈছে৷ বৃহস্পতিবাৰেও নগাঁও লোকসভা সমষ্টি আৰু দৰং-ওদালগুৰি সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ সময়তো উপস্থিত থাকে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ ইতিমধ্যে বৃহস্পতিবাৰে দ্বডা° পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল প্ৰক্ৰিয়া সমাপ্ত হৈছে৷
বিগত সময়ত বিভিন্ন অঞ্চলত পদব্ৰজে সমদল কৰা, চাইকেলেৰে শোভাযাত্ৰা কৰা, গাড়ীৰে শোভাযাত্ৰা কৰা তথা সৰু সৰু শিশুৰ পৰা বৃদ্ধজনলৈ তৎক্ষণাত সম্পৰ্ক স্থাপন কৰা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জনপ্ৰিয়তাক কোনেও অস্বীকাৰ কৰিব নোৱাৰে৷ বিৰোধী দলবোৰৰ মাজত ভাঙোনৰ সৃষ্টি কৰি দলবোৰ দুৰ্বল কৰাৰ আৰঁতো আছে মুখ্যমন্ত্ৰীৰ হাত! যাৰ ফলত নিতৌ নিজ দল ত্যাগ কৰি বিজেপি দলত যোগদান কৰি আছে বিভিন্ন নেতাই৷
উজনি অসম আৰু বৰাক উপত্যকাৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়ন দাখিলৰ পৰা আৰম্ভ কৰি চাইকেল চলাই প্ৰচাৰ চলাই থকা ড° শৰ্মাৰ অগ্নিবৰষা শব্দত স্তিমিত হৈ পৰিছে বিৰোধী পক্ষৰ নিৰ্বাচনী অভিযান৷ প্ৰতিদিনেই হেলিকপ্টাৰ ব্যৱহাৰ কৰি একেদিনাই পাঁচ-ছয়খন সভাত অংশগ্ৰহণ কৰি উদাত্ত ভাষণেৰে জনতাক মন্ত্ৰমুগ্ধ কৰা ড° শৰ্মাৰ ৰাজনৈতিক দক্ষতা আৰু পৰিপক্বতাৰ ওচৰত যেন ছেদেলিভেদেলি হৈ পৰিছে বিৰোধীৰ কৌশল৷ নিৰ্বাচনৰ আগেআগে কংগ্ৰেছৰ পৰা বিজেপিলৈ নেতাৰ সোঁত বৈছে আৰু ইয়াৰো মূলতে আছে মুখ্যমন্ত্ৰীৰ " যাদু"৷ বিৰোধী পক্ষৰ হাতত নিৰ্বাচনী "ইছ্যু" নোহোৱা কৰি পেলোৱা মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী ৰণকৌশল অপ্ৰতিৰোধ্য বুলি ইতিমধ্যে বিভিন্ন পক্ষই স্বীকাৰ কৰিছে৷ বিজেপি মিত্ৰজোঁটৰ "ষ্টাৰ কেমপেইনাৰ" মুখ্যমন্ত্ৰী ড° শৰ্মাৰ সভাবোৰত গোট খোৱা সহস্ৰ জনতাই
চৰকাৰৰ কল্যাণকামী আঁচনিত সন্তুষ্ট হোৱা দেখা গৈছে৷ যাৰ বাবে চৰকাৰৰ বিৰুদ্ধে দেখা নাই কোনোধৰণৰ প্ৰতিষ্ঠানবিৰোধী ঢৌ৷ বিজেপি চৰকাৰৰ দিনত সমাপন হোৱা উন্নয়নমূলক কাম আৰু আন্তঃগাঁথনিৰ উন্নতিকৰণ আদিয়ে জনতাক চৰকাৰমুখী কৰি তুলিছে৷ অৰুনোদয় আঁচনি, বিধৱা পেঞ্চন, বৃদ্ধ পেঞ্চন, ছাত্ৰছাত্ৰীৰ বিনামূলীয়া স্কুটী বিতৰণ, বিনামূলীয়া চাইকেল বিতৰণ, নগদ ধনৰ সাহায্য প্ৰদান আঁচনি, বিনামূলীয়া নামভৰ্তি, হোষ্টেল আৱাসীলৈ ধন প্ৰদান, বিনামূলীয়া ৰন্ধন গেছ, বিনামূলীয়া বিদ্যুত সংযোগ, বিনামূলীয়া ৰেছন, আয়ুষ্মান ভাৰত কাৰ্ড, চাহ শ্ৰমিকৰ বাবে বিভিন্ন আঁচনি, মাটিৰ পট্টাকৰণ, দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা, চৰকাৰী চাকৰি লাভৰ ক্ষেত্ৰত নিকা আৰু স্বচ্ছতা আদি বিভিন্ন কামৰ বাবে সাধাৰণ জনতাই চৰকাৰৰ প্ৰতি বা শাসকীয় দলৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে৷ ৰাস্তাঘাট, দলং, উৰণ সেতু, হস্পিতাল, মেডিকেল কলেজ আদি নিৰ্মাণৰ দ্বাৰা চৰকাৰে কৰা উন্নয়নমূলক কাম দেখি জনতাই আকাশলংঘী মূল্যবৃদ্ধিকো আওকাণ কৰিছে৷ মুখ্যমন্ত্ৰীৰ দক্ষতামূলক আৰু আকৰ্ষণীয় বক্তৃতাবোৰেও ৰাইজক চৰকাৰৰ ঘৰলৈ ওচৰ চপাই আনিছে৷
মুখ্যমন্ত্ৰীৰ ওচৰত প্ৰধান বিৰোধী দল কংগ্ৰেছ লেউসেউ যেন হোৱা দেখা গৈছে৷ পূৰ্বতে একাংশ কংগ্ৰেছ নেতাই কৰি অহা দুৰ্নীতিৰ ক’লা পৃষ্ঠা লুটিয়াবলৈ ধৰিলেই মুখ্যমন্ত্ৰীৰ ওচৰত নতশিৰ হয় সেই সেই একালৰ মহাপ্ৰতাপী নেতাসকল! নিজৰ ক’লা অধ্যায় জনতাৰ সন্মুখত উন্মুক্ত নোহোৱাৰ বাবেই সুৰসুৰকৈ বিজেপি দলত যোগদান ভব্যগব্য কংগ্ৰেছ নেতাৰ? এই কথা আৰু এতিয়া লুকাই থকা নাই৷ মুখ্যমন্ত্ৰীৰ হাতত থকা এই অমোঘ অস্ত্ৰৰ দ্বাৰাই সকলোকে বশীভূত কৰাৰ অভিযান অব্যাহত আছে৷ অসমৰ ৰাজনৈতিক ইতিহাসত হিমন্ত বিশ্ব শৰ্মাৰ দৰে কোনো মুখ্যমন্ত্ৰী হোৱা নাই যাৰ এটা ইংগিতত সকলো ওলটপালট হৈ যায়। ৰাজ্যৰ লগতে ৰাষ্ট্ৰীয় পৰ্যায়তো হিমন্ত বিশ্ব শৰ্মা যে এজন নিপুণ ছুপাৰ ৰাজনীতিক সেয়া প্ৰতিপন্ন হৈছে৷
আন বিৰোধী দল যেনে- চিপিআইএম, চিপিআই, ৰাইজৰ দল, অসম জাতীয় পৰিষদ, এনচিপি, বিপিএফ, এছইউচিআই, তৃণমূল কংগ্ৰেছ, আম আদমী পাৰ্টি আৰু এআইইউডিএফ দলৰ অৱস্থা পুতৌজনক হৈ পৰিছে৷ এটা নিৰ্দিষ্ট অঞ্চলত আৰু সম্প্ৰদায়ৰ মাজত এআইইউডিএফ দলৰ স্থিতি আৰু শক্তি অটুত আছে যদিও ৰাজ্যৰ সকলো অঞ্চলত সেইদলৰ কোনো ভিত্তি নাই৷ ৰাজ্যৰ ১৪ খন লোকসভা আসনৰ ১৩ খনতেই বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ’ব বুলি বাৰেবাৰে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কৈ আহিছে আৰু একমাত্ৰ ধুবুৰী লোকসভা আসনখনৰ আশা কৰা নাই মুখ্যমন্ত্ৰীয়ে৷ অথাৎ ধুবুৰী আসনখন পৰোক্ষভাৱে এআইইউডিএফক এৰি দিয়া বুলি ক’ব পাৰি৷ মুখ্যমন্ত্ৰীৰ এই হিচাপ যদি শুদ্ধ হয় তেতিয়াহলে বিৰোধী কংগ্ৰেছ বা বিৰোধী মিত্ৰজোঁট ইণ্ডিয়া এলায়েন্স শূন্য ঘৰত থাকিব৷
চৰকাৰ আৰু শাসকীয় দল বিজেপি তথা মিত্ৰজোঁট অসম গণ পৰিষদ আৰু ইউপিপিএলৰ সকলোৱেই মুখপাত্ৰ মুখ্যমন্ত্ৰী, সকলোৰেই প্ৰধান প্ৰচাৰক মুখ্যমন্ত্ৰী, নিৰ্বাচনী অভিযানৰো সৰ্বাধিনায়ক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা !!
কোন মন্তব্য নেই