Header Ads

কংগ্রেস এবং palayesthin

*কংগ্ৰেছ আৰু পেলেস্তাইন*

যেতিয়া ইজৰাইলৰ বিৰুদ্ধে ইয়াছিৰ আৰাফতে পেলেষ্টাইন ৰাষ্ট্ৰ ঘোষণা কৰিছিল, ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ চৰকাৰ খনে পোন প্ৰথমতে পেলেষ্টাইনক স্বীকৃতি দিছিল । ইন্দিৰা গান্ধীয়ে  মুছলমান তুষ্টিকৰণৰ বাবেই পোন প্ৰথমে পেলেষ্টাইনক স্বীকৃতি দিছিল, আৰু লগতে ইয়াছিৰ আৰাফাতৰ দৰে সন্ত্ৰাসবাদীক *_নেহৰু শান্তি বঁটা_* প্ৰদান কৰিছিল, আৰু পিছলৈ ৰাজীৱ গান্ধীয়ে তেওঁক *_ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা_* প্ৰদান কৰিছিল ! ইয়াতকৈও আচৰিত কথাটো হ’ল, বিশ্বজুৰি ঘূৰি ফুৰিবলৈ ৰাজীৱ গান্ধীয়ে তেওঁক এখন *_বয়িং_* উপহাৰ হিচাপে দিছিল ! *_অথচ আৰাফটে কাশ্মীৰ পাকিস্তানৰ  অবিচ্ছেদ্য ৰাজ্য_* বুলি  ইছলামিক দেশসমূহৰ সংগঠন *_OIC_* ত ঘোষণা কৰিছিল । সেই সন্ত্ৰাসবাদী আৰাফটে সেই সভাতেই কৈছিল, *_পাকিস্তানে এই বিমানখন কাশ্মীৰৰ স্বাধীনতাৰ বাবে যেতিয়াই বিচাৰে ব্যৱহাৰ কৰিব পাৰিব - *_whenever Pakistan wants, my fighters will fight for the freedom of Kashmir_* আৰু ইন্দিৰা গান্ধীৰ নেতৃত্বত কংগ্ৰেছ দলে ইয়াতেই ক্ষান্ত নাথাকি, বিশ্বৰ ১০৩খন দেশে সন্ত্ৰাসবাদী বুলি ঘোষণা কৰা, ৬খন বিমান অপহৰণৰ সৈতে জৰিত, দুহাজাৰ নিৰীহ লোকক হত্যা কৰা এইজন ব্যক্তিক  প্ৰথম বাৰৰ বাবে কোনো আন্তঃৰাষ্ট্ৰীয় বঁটা  *_নেহৰু শান্তিপুৰস্কাৰ_* প্ৰদান কৰিছিল, যাৰ নগদ ধনৰ পৰিমান আছিল *_এক কোটি টকা, আৰু লগতে দুশ গ্ৰামৰ সোণেৰে নিৰ্মিত ঢাল।_* আজিৰ পৰা ৩৫ বছৰ আগত  অৰ্থাৎ ১৯৮৮ চনত প্ৰদান কৰা সেই এক কোটি টকাৰ মূল্য আজিৰ দিনত প্ৰায়  ডেৰ বিলিয়নৰ ওপৰত হব ! ইয়াতো ক্ষান্ত নাথাকি ৰাজীৱ গান্ধীয়ে পিছত তেওঁক *_ইন্দিৰা গান্ধী আন্তঃৰাষ্ট্ৰীয় শান্তি বঁটা_* প্ৰদান কৰিছিল ! তাৰ পিছত ইয়াছিৰ আৰাফতে কাশ্মীৰৰ বিষয়ত পাকিস্তানৰ লগত মুকলিকৈ সমৰ্থন দি  কৈছিল, *_পেলেষ্টাইন আৰু কাশ্মীৰ দুয়োখন দেশৰ মুছলমানক অমুছলমানে হত্যা কৰি আছে, গতিকে সমগ্ৰ মুছলমান বিশ্বই এই দুয়োটা বিষয়ত একত্ৰিত হ’ব  লাগিব !*_ আৰু এতিয়া এই কংগ্ৰেছ দলটোৰ চামচাই মোডীজীক শিকাবলৈ আহিছে,বিদেশ নীতি কি ?

*-ভাস্কৰ দাস-*

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.