গুয়াহাটি -শিলচর -গুয়াহাটির মাঝে দৈনিক বিমান সেবা
Piyali ghosh dey guwahati। গুৱাহাটী- শিলচৰ-গুৱাহাটীৰ মাজত দৈনিক বিমান সেৱা আৰম্ভ
গুৱাহাটী , ১ জুন : বৰাক উপত্যকাৰ অন্যতম ব্যস্ত চহৰ শিলচৰলৈ আজিৰে পৰা অসম চৰকাৰৰ অধীনৰ অসম পৰ্যটন উন্নয়ন নিগম (এ টি ডি চি) ৰ উদ্যোগত গুৱাহাটী - শিলচৰ - গুৱাহাটীৰ মাজত দৈনিক পুৱা পোনপটীয়াকৈ বিমান চলাচল আৰম্ভ হৈছে । এই বিমান সেৱা আৰম্ভ কৰিছে দেশৰ অন্যতম বিমান সেৱা প্ৰদানকাৰী কোম্পানী ফ্লাইবিগে। আজি পুৱা ৭:৩০ বজাত গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত পতাকা জোকাৰি ফ্লাইবিগৰ এই নতুন বিমান সেৱাৰ শুভাৰম্ভ কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই । এই উপলক্ষে অনুষ্ঠিত চমু অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীৰ প্ৰধান সচিব মনিন্দৰ সিং , এ টি ডি চিৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা , উপাধ্যক্ষ দিলীপ দাস , পৰিচালন সঞ্চালক কুমাৰ পদ্মপানী বৰাকে ধৰি কেবাজনো উচ্চপদস্থ বিষয়া , ফ্লাইবিগৰ কাৰ্যবাহী উপ সভাপতি ৰাজীৱ শৰ্মাকে ধৰি কেবাগৰাকী কাৰ্যবাহী , গুৱাহাটী বিমানন্দৰৰ নিৰাপত্তাৰ দায়িত্বত থকা কেন্দ্ৰীয় উদ্যোগিক নিৰাপত্তা বাহিনী চমুকৈ চি আই এছ এফৰ কমাডেণ্ট লাল মোহন ঠাকুৰ উপস্থিত থাকে । আনহাতে এই উপলক্ষে বিমানবন্দৰ চৌহদৰ ক্ষেত্ৰীয় প্ৰশিক্ষণ কেন্দ্ৰত আয়োজন কৰা এখন সংবাদমেল সম্বোধন কৰি মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই কয় - মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ সাধাৰণ লোকেও যাতে বিমান যাত্ৰা কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব আৰোপ কৰি আহিছে । তাৰ সমান্তৰালভাবে "অসম চৰকাৰে ৰাজ্যৰ বিমানসেৱাক অধিক জনমুখী কৰি তুলি তাৰ দ্বাৰা ৰাজ্যৰ পৰ্যটন ক্ষেত্ৰখনৰ উন্নয়ন সাধন কৰাৰ বাবে কেতবোৰ বিশেষ আঁচনি ইতিমধ্যে গ্ৰহণ কৰিছে । ইয়াৰ অংশহিচাপে ফ্লাইবিগৰ সহযোগত বৰাক উপত্যকাৰ অন্যতম ব্যস্ত চহৰ অাৰু একমাত্ৰ বিমানবন্দৰ শিলচৰৰ সৈতে দৈনিক পুৱাৰ ভাগত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিছে । আজি প্ৰথম যাত্ৰাতে ৭২ খন আসনযুক্ত বিমানখনত ৬৬ জন যাত্ৰী শিলচৰলৈ গৈছে । এইটো এটা শুভলক্ষণ আৰু ইতিবাচক দিশ । গুৱাহাটীৰ পৰা শিলচৰলৈ ৭২ খন আসনযুক্ত বিমানখন দৈনিক পুৱা ৭.৩০ বজাত উৰা মাৰিব আৰু ৪৫ মিনিট সময় পাছত শিলচৰত অবতৰণ কৰিব । তাৰ অলপ পাছত ৮.৩০ বজাত বিমানখন পুনৰ গুৱাহাটীলৈ উভতি আহিব । ৰাজ্যৰ আইন শৃংখলা জনিত পৰিস্থিতি উন্নত হোৱাৰ পাছত বৰ্তমান ৰাজ্যত ঘৰুৱা পৰ্যটকৰ সংখ্যা ৫৭৬ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে । বৰ্ত্তমান আফচা প্ৰত্যাহাৰ কৰাৰ পাছত ৰাজ্যত পৰ্যটকৰ বাবে এটা অনুকূল পৰিৱেশ গঢ় লৈ উঠিছে । আগন্তুক দিনত যোৰহাটলৈ বিমান চলাচল আৰম্ভ কৰাৰ বাবেও চিন্তা চৰ্চা কৰা হৈছে যাতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আৰু মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সাধাৰণ লোকেও বিমান যাত্ৰা কৰাৰ সপোনক সাকাৰ ৰূপ দিব পাৰি । তদুপৰি বৰ্তমান অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন বিমানবন্দৰৰ মাজত ২৪ টা বায়ুপথত ফ্লাইবিগে বিমান চলাচল কৰি থকা বাবে মন্ত্ৰী বৰুৱাই প্ৰতিষ্ঠানটোক ধন্যবাদ জ্ঞাপন কৰে । উল্লেখযোগ্য যে ৰাজ্যৰ ৰাজধানী চহৰ গুৱাহাটীৰ পৰা শিলচৰলৈ দৈনিক পোনপটীয়া বিমান চলাচল আৰম্ভ হোৱাৰ পাছত নিশ্চিতভাবে ৰাজ্যখনৰ বাবে পৰ্যটনকে ধৰি বিভিন্ন ক্ষেত্রত ইতিবাচক বার্তা আহিব বুলি আশা কৰা হৈছে ।
কোন মন্তব্য নেই