অসমিয়া -বাঙালি দেড়শো বছরের সম্পর্ক. নিয়ে আজও টানাপোড়েন চলছেই
অসমীয়া-বাঙালী সম্পর্ক : ইতিবাচক তথ্য-পৰিক্রমা
•••••
ড° প্রশান্ত চক্রৱর্তী
•••••
সুশীল পাঠক, অসমীয়া আৰু বাঙালী উভয় জনগোষ্ঠীৰ মাজত যোৱা দেৰশ বছৰ ধৰি চলি অহা পাৰস্পৰিক সন্দেহ, সংকট আৰু সংঘাতৰ বিপৰীতে আমি কেৱল কেইটামান তথ্যহে দাঙি ধৰিছোঁ এই নিৱন্ধত। বিশ্লেষণ নহয়, এই তথ্যবোৰৰ মাজেৰে আমি এটি দীৰ্ঘ ইতিবাচক সাংস্কৃতিক-সাহিত্যিক- সামাজিক উজ্জ্বল পৰিক্ৰমাৰ আলোকচিত্ৰ দেখা পাওঁ। এই তথ্যবোৰৰ একো একোটিক কেন্দ্ৰ কৰি স্বতন্ত্ৰ নিৱন্ধ ৰচনা কৰা যায়। আহক, এবাৰ চকু ফুৰাওক।
১. আনন্দৰাম বৰুৱাৰ পূৰ্বপুৰুষ আছিল দুৰ্গাচৰণ বসু। কনকলাল বৰুৱাৰ পূৰ্বপুৰুষৰ নাম পীতাম্বৰ ঘোষ।
(সূত্ৰ : ড. সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ, পৃ. ৮২, কনকলাল বৰুৱা, নন্দ তালুকদাৰ, পৃ. ১০)
২. আহোম বুৰঞ্জীত আছে : আহোম ৰজাৰ দিনত বঙ্গৰ পৰা গান-বাজনাৰ শিল্পীক আমন্ত্ৰণ কৰি অনা হৈছিল।
(হৰকান্ত বৰুৱা সদৰামীনৰ "অসম বুৰঞ্জী'', পৃ. ৬৬)
৩. স্বৰ্গদেও ৰুদ্ৰসিংহই বঙ্গৰ নদীয়া শান্তিপুৰৰ কৃষ্ণৰাম ন্যায়বাগীশক আমন্ত্ৰণ কৰি আনি শক্তিমন্ত্ৰত দীক্ষাগ্ৰহণ কৰে। কৃষ্ণৰামে কামাখ্যা পৰ্বতত থকাৰ সিদ্ধান্ত গ্ৰহণ কৰে। অসমৰ বুৰঞ্জীত আহোম ৰজাৰ এই বাঙালী গুৰুৰ নাম "পৰ্বতীয়া গোঁসাই" নামেৰে প্ৰসিদ্ধ। অসমত ৰাজগৃহত দুৰ্গাপূজা, চণ্ডীপাঠ, কামাখ্যা মন্দিৰ তথা অন্যান্য দেৱালয়ৰ পূজাবিধান এইজনা বাঙালী তন্ত্ৰগুৰুয়ে প্ৰৱৰ্তন কৰিছিল।তেখেতে কামাখ্যা দেৱালয়ত "দুৰ্গাৰ্চমণিমঞ্জৰী" নামৰ দুৰ্গোসৱৰ এক বিধি প্ৰণয়ন কৰিছিল।
("আসাম বুরঞ্জি", হলিৰাম ঢেকিয়াল ফুকন, রাজ বিবরণ, পৃ. ৩৯)
৪. হলিৰাম ঢেকিয়াল ফুকনৰ "আসাম বুরঞ্জী" বাংলা ভাষাত ৰচিত প্ৰথম ইতিহাসগ্ৰন্থ। এই লিখি গৈছে বংগৰ প্রখ্যাত পণ্ডিত ড. সুকুমার সেনে। এই তথ্য অসমৰ বাবে পৰম গৌৰৱৰ। ১৮২৯ চনত কলিকাতাৰ অভিজাত সমাচাৰচন্দ্ৰিকা প্ৰেছত মুদ্ৰিত এই গ্ৰন্থ নিজৰ টকাৰে প্ৰকাশ কৰি হলিৰামে বিনামূল্যে বিতৰণ কৰিছিল।
৫. হলিৰাম ঢেকিয়াল ফুকনৰ "আসাম বুরঞ্জি"ৰ আৱিষ্কাৰক আৰু সম্পাদক এজন বাঙালী পণ্ডিত। কটন কলেজৰ বাংলা বিভাগৰ ভূতপূর্ব প্ৰধান আচাৰ্য যতীন্দ্ৰমোহন ভট্টাচাৰ্য। আসাম বুরঞ্জি"ৰ উপৰিও তেখেতে গুণাভিৰাম বৰুৱা প্ৰণীত আধুনিক প্ৰথম অসমীয়া নাটক "ৰামনৱমী" কলকাতাৰ পৰা উদ্ধাৰ কৰি প্ৰকাশ কৰিছিল।
৬. কলকাতাৰ "সমাচাৰদৰ্পণ" আদি পত্ৰিকাত বাংলা ভাষাত লিখিছিল হলিৰাম ঢেকিয়াল ফুকন, যজ্ঞৰাম খাৰঘৰীয়া ফুকন, জাদুৰাম ডেকা বৰুৱা, মণিৰাম দেওৱানে।
৭. ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত স্বাক্ষৰিত ইয়ান্ডাবু সন্ধিত স্বাক্ষৰ কৰিছিল অসমৰ এজন বাঙালী আইনজীৱীয়ে। তেখেতৰ নাম জয়শংকৰ গুহ। তেখেত আছিল আহোম স্বৰ্গদেউ চন্দ্ৰকান্ত, প্ৰাণকান্ত আৰু কেশৱকান্তৰ আইন-উপদেষ্টা।
(সূত্ৰ : "অসমীয়া ভাষা-সাহিত্য চৰ্চাত বাঙালী", ড. মন্দিৰা দাস, ১ম সং পৃ. ২২)
৮. ১৮৫৭ চনত ব্ৰিটিছৰ বিৰুদ্ধে মণিৰাম দেৱানৰ নেতৃত্বত স্বাধীনতাৰ যি প্ৰথম যুদ্ধ আৰম্ভ হৈছিল তাৰে অন্যতম ৰণুৱা আছিল এজন বাঙালী মুক্তিয়াৰ, নাম মধু মল্লিক। মণিৰাম দেৱানৰ উদগনিত কন্দৰ্পেশ্বৰ সিংহ চাৰিংৰজাক অসমৰ সিংহাসনত বহুৱাবলৈ যি মন্ত্ৰীসভা গঠিত হৈছিল, তাৰে এজন এই মধু মল্লিক। তেওঁ মণিৰাম দেৱানৰ গহশিক্ষক আছিল। মণিৰামৰ ফাঁচি হয় আৰু মধু মল্লিকৰ দ্বীপান্তৰ।
(সূত্ৰ : ড. সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ, পৃ.৮২)
৯. অসম সাহিত্য সভাৰ অন্যতম মূল প্ৰস্তাৱক তথা অগ্ৰণী ভূমিকা গ্ৰহণকাৰীজন এজন বাঙালী পণ্ডিত। নাম মহামহোপাধ্যায় পদ্মনাথ ভট্টাচাৰ্য বিদ্যাবিনোদ। তেখেত কটন কলেজৰ নামজ্বলা অধ্যাপক আছিল।
অতুলচন্দ্ৰ হাজৰিকাই লিখিছে : "১৯১৫ চনত অসম উপত্যকাৰ কমিছনাৰ পি-আৰ-গৰ্ডন চাহাবৰ উদ্যোগত যোৰহাটত এখন ৰাজ্যিক পৰ্যায়ৰ প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। সেই উপলক্ষে যোৰহাটলৈ যোৱা অসমৰ বিভিন্ন স্থানৰ মুখিয়াল লোকসকলে বিষ্টুৰাম হলত এখন অসমীয়া সাহিত্য সভা পাতিবলৈ কুৰুংকাৰাং কৰিছিল। মেঘে গাজিলে, কিন্তু বৰষুণ নহল। সেই চনতে গুৱাহাটীৰ অ-ভা-উ-সা সভাৰ এক বৈঠকত মহামহোপাধ্যায় পদ্মনাথ বিদ্যাবিনোদ মহাশয়ে "অসম সাহিত্য সন্মিলন" এখন গঠন কৰি তাৰপৰা "বঙ্গীয় সাহিত্য সন্মিলন"লৈ প্ৰতিনিধি পঠিয়াবৰ বাবে এটা প্ৰস্তাৱ দিছিল।"
ৰত্নকান্ত বৰকাকতীয়েও তেখেতৰ গদ্যসম্ভাৰ "আত্মবাণী"-ত পদ্মনাথ বিদ্যাবিনোদৰ এই উদ্যোগৰ কথা লিখি গৈছে। পদ্মনাথ বিদ্যাবিনোদৰ উদ্যোগত ১৯১৫ চনত বৰ্ধমানত অনুষ্ঠিত বঙ্গীয় সাহিত্য সন্মিলনত অসমীয়া সাহিত্যিকসকল গৈছিল আৰু সেই সন্মিলনৰ আৰ্হিৰে মূলতঃ চন্দ্ৰনাথ শৰ্মা, অম্বিকাগিৰি ৰায়চৌধুৰী আৰু ৰত্নকান্ত বৰকাকতীৰ উদ্যোগত অসম সাহিত্য সন্মিলনৰ ধাৰণাৰ জন্ম হৈছিল। ১৯১৭ চনত অসমৰ তদানীন্তন বিশিষ্ট ব্যক্তিবৰ্গৰ উদ্যোগত তাৰেই স্থায়ী ৰূপ অসম সাহিত্য সভা।
(সূত্ৰ : "অসম সাহিত্য সভাৰ ৰূপলেখা", অতুলচন্দ্ৰ হাজৰিকা, পৃ. ১২-১৬ )
১০. অসমীয়া ভাষা যে স্বতন্ত্ৰ ভাষা, সেই কথা ব্ৰিটিছ চৰকাৰক লিখিতভাবে জনাইছিল বঙ্গৰ বিশিষ্ট সাহিত্যিক ছিভিলিয়ান ৰমেশচন্দ্ৰ দত্তই। অথচ তেখেতৰ অসমীয়া জোঁৱাই অসমৰ প্ৰথমগৰাকী অভিযন্তা বলিনাৰায়ণ বৰাই অসমৰ বিদ্যালয়ত বাংলা ভাষা চলি থকাৰ পোষকতা কৰিছিল। প্ৰসংগক্ৰমে উল্লেখ্য, ৰমেশচন্দ্ৰ দত্তৰ মধ্যমা কন্যা বিমলাক বিয়া কৰিছিল বলিনাৰায়ণে।
(সূত্ৰ : ড. প্ৰশান্ত চক্ৰৱৰ্তী সম্পাদিত "ৰাগ-অনুৰাগ", ড. জ্যোতিৰ্ময় জানাৰ প্ৰবন্ধ, পৃ. ৪৮)
১১. অসমীয়া-বাঙালীৰ বৈবাহিক সম্পৰ্ক নতুন নহয়। অসমত ইংৰেজী শিক্ষা প্ৰৱৰ্তনৰ মূল ব্যক্তিগৰাকী আছিল কটন কলেজিয়েট স্কুলৰ (অসমৰ প্ৰথম স্কুল) প্ৰধান শিক্ষক জন্মেজয় দাস। তেখেতে অসমীয়া ছোৱালী বিয়া কৰাইছিল। ড. সূৰ্যকুমাৰ ভূঞাই লিখিছে : "জন্মেজয় দাসক অসমৰ টমাচ আৰ্নল্ড বুলিব পাৰি। তেখেতৰ অনুপ্ৰেৰণাত আনন্দৰাম বৰুৱা, জালনুৰ আলী আহমেদ, শিৱৰাম বৰা আৰু বলিনাৰায়ণ বৰা~এওঁলোকে বিলাতত উচ্চ শিক্ষা গ্ৰহণ কৰি কীৰ্তিমন্ত অসমীয়া পুৰুষ বুলি পৰিচয় দিব পাৰিছিল।"
সূত্ৰ : ড. সূৰ্যকুমাৰ ভূঞাৰ বিবিধ প্ৰবন্ধ, পৃ.৮২)
১২. অসমীয়া গদ্যৰ প্ৰাচীনত্ব আৰু মান সম্পৰ্কে তিনিজন বিশিষ্ট বাঙালী বৰেণ্যই উচ্চ প্ৰশংসা কৰি গৈছে।
বিশ্বকবি ৰবীন্দ্ৰনাথ, ছাৰ আশুতোষ আৰু আচাৰ্য প্ৰফুল্লচন্দ্ৰই।
(সূত্ৰ : ড. প্ৰশান্ত চক্ৰৱৰ্তী সম্পাদিত "ৰাগ-অনুৰাগ", ড. বীৰেন্দ্ৰনাথ দত্তৰ প্ৰবন্ধ, পৃ.৭-৮)
১৩. ৰবীন্দ্রনাথৰ সৈতে এগৰাকী বিদূষী অতীব সুন্দৰীৰ বিয়াৰ আলাপ হৈছিল। তেখেত "আসামবন্ধু" পত্রিকাৰ সম্পাদক গুণাভিৰাম বৰুৱাৰ সুপুত্রী স্বর্ণলতা। স্বর্ণলতা কলকাতাৰ বেথুন কলেজত পঢছিল আৰু সম্ভবত অসমৰ প্রথম মহিলা গ্র্যাজুয়েট। স্বর্ণলতাৰ প্রথম বিয়া হছিল কলকাতাৰ ডা. নন্দকুমাৰ ৰায়ৰ সৈতে। নন্দকুমাৰৰ অকালপ্রয়াণৰ পিছত আকৌ বিয়া হয়, ক্ষীৰোদচন্দ্র ৰায়চৌধুৰী সৈতে। ব্রাহ্ম আছিল বাবেই বিধবা বিবাহ হৈছিল। মহর্ষি দেবেন্দ্রনাথৰ আপত্তি আছিল~সেয়েহে ৰবীন্দ্রনাথৰ সৈতে স্বর্ণলতাৰ বিয়া নহ'ল। যদি হ'লহেঁতেন~আমি অসমবাসীয়ে গর্ব কৰি ক'ব পাৰিলোহেঁতেন~ৰবীন্দ্রনাথ অসমৰ জোঁৱাই।
১৪. কবিৰ সৈতে নহ'লেও, অসমীয়া পৰিয়ালৰ সৈতে কলকাতাৰ বিখ্যাত "ঠাকুৰবাড়ী"ৰ বিয়াৰ সম্বন্ধ হৈছিল। তাৰে দুখন বিয়া প্রসিদ্ধ। ১৮৯১ চনৰ ১১ মার্চ তাৰিখে আধুনিক অসমৰ আটাইতকৈ উল্লেখযোগ্য সাহিত্যিক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে ৰবীন্দ্রনাথৰ ভতিজী (কবিৰ ককায়েক হেমেন্দ্রনাথৰ কন্যা) প্রজ্ঞাসুন্দৰী দেৱীৰ বিয়া হয়। সেই বিয়াত নতুন অসমীয়া জোঁৱায়েকক সোণৰ কলম উপহাৰ দিছিল ককাশহুৰেক দেৱেন্দ্রনাথ ঠাকুৰে।
১৫. ১৯০৬ চনত ৰবীন্দ্রনাথৰ সকলোতকৈ ডাঙৰ জ্যেষ্ঠ ভ্ৰাতৃ দ্বিজেন্দ্রনাথৰ নাতিনী(পুত্র অৰুণেন্দ্রনাথৰ কন্যা) লতিকাৰ সৈতে গুণাভিৰামৰ পুত্র তথা স্বর্ণলতাৰ ভ্ৰাতৃ জ্ঞানদাভিৰাম বৰুৱাৰ বিয়া হৈছিল। জ্ঞানদাভিৰাম আছিল আর্ল ল কলেজৰ(১৯১৪) প্রিন্সিপাল। চৰকাৰী বঙলাত থাকিছিল তেখেত। গুৱাহাটীৰ এইখন বঙলাতেই ১৯১৯ চনত বিশ্বকবি ৰবীন্দ্রনাথ তিনি দিনৰ বাবে আলহী হৈ আছিল। "জে বৰুৱাৰ হাউলী" নামেৰে প্ৰখ্যাত এই বঙলা বর্তমানে কটন বিশ্ববিদ্যালয়ৰ পদ্মশ্রী নলিনীবালা দেৱী হোষ্টলৰ চৌহদত পৰিত্যক্ত। অথচ তিনি চাৰি বছৰ আগতেও এই ঐতিহ্যমণ্ডিত গৃহত হোষ্টেল চুপাৰে বসবাস কৰিছিল। এই গৃহতেই প্ৰথম অসমীয়া চলচ্চিত্ৰ "জয়মতী"-ৰ লেবৰ কাম হৈছিল। বেজবৰুৱা গুৱাহাটীলৈ আহোতে এইখন ঘৰতেই সপৰিয়ালে আলহী হৈছিল।
জ্ঞানদাভিৰাম আৰু লতিকাৰ জীয়ৰী ইৰা। আৰু ইৰাৰ কন্যা অভিনেত্রী শর্মিলা ঠাকুৰ।
(সূত্র : Heritage Guwahati by Dr. Dipankar Banerji, p. 85)
১৬. বৰাক উপত্যকাৰ হাইলাকান্দিৰ বাংলাভাষী ৰাজমোহন নাথ (১৮৯৯-১৯৬৫)। ১৯১৮ চনত প্ৰৱেশিকা পৰীক্ষাত সমগ্ৰ অসমৰ ভিতৰত তেঁও প্ৰথম স্থান অধিকাৰ কৰিছিল। ইয়াৰ পিছত ছিলেটৰ মুৰাৰীচাঁদ কলেজৰ পৰা আইএচসি আৰু কলকাতাৰ শিৱপুৰ ইঞ্জিনিয়াৰিং কলেজৰ পৰা বি ই। স্নাতক স্তৰত পঢ়াৰ দিনতেই অসম-মেঘালয় সংযোগকাৰী বৰ্নিহাটৰ সাঁকোখন তৈয়াৰ কৰি ৰাজমোহনৰ জয়যাত্ৰা আৰম্ভ। ১৯৫৪ চনত গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ অধ্যক্ষ হৈছিল। ছাত্ৰ আছিল মাত্ৰ ১০জন। ১৯৪২চনত তেঁওৰ লিখা "Nath Hand Book for Civil Engineers" আজিও সমানভাবে সমাদৃত।
পিছে ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহি ক্ৰমাৎ অসমীয়া "জাতীয়" জীৱনৰ নানা ক্ষেত্ৰত তেখেতে যুক্ত হয়। ইঞ্জিনিয়াৰিং তেখেতৰ মূল বৃত্তি হলেও ইতিহাস, সাহিত্য-সংস্কৃতি আৰু প্ৰত্নতত্ত্ব আছিল প্ৰাণৰ বিষয়। হোজাইৰ কপিলী-যুমুনা উপত্যকাৰ প্ৰাচীন ডবাক ৰাজ্যৰ প্ৰত্নতাত্ত্বিক সমল আৰু স্থান উদ্ধাৰ তেওঁৰেই কৃতিত্ব। মাতৃভাষা বাংলা, কৰ্মৰ ভাষা ইংৰাজী আৰু ধাত্ৰীভাষা অসমীয়াত অজস্ৰ গৱেষণামূলক প্ৰবন্ধ লিখিছিল তেখেতে। বাংলা ভাষাত ১৬ খন, অসমীয়াত ১৪ খন আৰু ইংৰাজীত ৫ খন কিতাপ আছে। তদুপৰি, অসমীয়া ভাষাত তেখেতৰ ৭ খন গল্পগ্ৰন্থ । "পীতাম্বৰ ৰায়মেধি" ছদ্মনামত তেখেতে ১৯৪৬ চনত "টেঙা দৈ" নামৰ প্ৰথমখন অসমীয়া ৰঙ্গব্যঙ্গ গ্ৰন্থ প্ৰকাশ কৰে। ১৯৪৩ চনত তেখেতৰ অবিস্মৰণীয় গ্ৰন্থ "শ্ৰীশ্ৰীমন্ত শংকৰদেৱৰ বৰগীত" আৰু ১৯৪৫ চনত "মাধৱদেৱৰ বৰগীত" প্ৰকাশিত হয়। ১৯৪৮ চনত "The Background of Assamse Culture" আৰু ১৯৪৯ চনত "Glorious Assam"। ১৯৫০ চনত তেখেতে মহাপুৰুষ মাধৱদেৱৰ "ভক্তিৰত্নাকৰ"খন সুসম্পাদনা কৰি প্ৰকাশ কৰে। ৰাজমোহন নাথৰ জীৱনৰ সিংহভাগেই অসমৰ বাবে উৎসর্গিত আছিল।
১৭. "কামৰূপ অনুসন্ধান সমিতি"-ৰ মূল প্ৰস্তাৱক আৰু প্ৰতিষ্ঠাতা আছিল কটন কলেজৰ অধ্যাপক পদ্মনাথ বিদ্যাবিনোদ। এই কথা লিখি গৈছে স্বয়ং কনকলাল বৰুৱাই
: "The idea of founding the society (কামৰূপ অনুসন্ধান সমিতি) was first conceived by Pandit Padmanath Bhattacharya Vidyavinod."
(সূত্ৰ : "The Journal of the Assam Research Society, Vol-I, No-1, April 1933)
তেখেতৰ বিখ্যাত গ্ৰন্থ "কামৰূপ শাসনাৱলী"।
১৮. আধুনিক ভাৰতীয় ভাষাত শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম জীৱনী প্ৰণেতা এজন বাঙালী, নাম উমেশচন্দ্ৰ দেৱ। প্ৰণয়নৰ সময় ১৯১০ চন। বেজবৰুৱাৰ শংকৰদেৱৰ জীৱনীগ্ৰন্থ প্ৰণয়নৰ আগতেই উমেশচন্দ্ৰই গুৰুজনাৰ জীৱনী ৰচনা কৰছিল। বাংলা ভাষাত ৰচিত এই গ্ৰন্থ সম্প্ৰতি ড. বাণীপ্ৰসন্ন মিশ্ৰৰ সম্পাদনাত নতুনকৈ প্ৰকাশিত হৈছে।
১৯. কলিকাতা বিশ্ববিদ্যালয়ত উচ্চশিক্ষাত অসমীয়া ভাষা প্ৰতিষ্ঠাৰ মূল বৰেণ্য ব্যক্তিগৰাকী আছিল ছাৰ আশুতোষ মুখোপাধ্যায়।
১৯১৮ চনত কটন কলেজ পৰিদৰ্শনলৈ আহি তেখেতে হেমচন্দ্ৰ গোস্বামীক অসমীয়া সাহিত্যৰ আদি আৰু মধ্যযুগৰ নিদৰ্শনসমূহ গোটাবলৈ কৈছিল আৰু ১৯১৯ চনত সত্যনাথ বৰাৰ পুত্ৰ অম্বিকানাথ বৰাক কলিকাতা বিশ্ববিদ্যালয়ত নিযুক্তি দিছিল। ইয়াৰ ফলতেই "অসমীয়া সাহিত্যৰ চানেকী" মহা গ্ৰন্থ প্ৰকাশ পাইছিল।
২০. ছাৰ আশুতোষৰ সুপুত্ৰ ড. শ্যামাপ্ৰসাদ মুখোপাধ্যায়ৰ উদ্যোগত কলকাতা বিশ্ববিদ্যালয়ৰ অধীনত বিদ্যালয় পৰ্যায়ত, মাতৃভাষা মাধ্যমত পঠনপাঠন, বিশেষকৈ প্রৱেশিকা পৰীক্ষাৰ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল। সেই প্ৰস্তাৱত অসমীয়া ভাষাক অন্তৰ্ভুক্ত কৰা হৈছিল ড. শ্যামাপ্ৰসাদ মুখোপাধ্যায়ৰ পৰম আগ্ৰহত। তেতিয়া তেখেত কলকাতা বিশ্ববিদ্যালয়ৰ উপাচার্য আছিল। মেট্ৰিকত অসমীয়া মাধ্যমৰ অন্তৰ্ভুক্তিৰ মূল ব্যক্তিগৰাকী আছিল শ্যামাপ্ৰসাদ। (সূত্ৰ : "শতবৰ্ষের আলোকে শ্যামাপ্ৰসাদ; তুহিনা প্ৰকাশনী, কলকাতা, পৃ. ৩৭-৪৫, ৫৪-৬৭)
২১. ১৯৩৮ চনত নেতাজী সুভাষচন্দ্ৰ বসুৰ প্ৰচেষ্টাত মুছলিম লীগৰ চক্ৰান্তৰ পৰা অসমে ৰক্ষা পাইছিল। নেতাজীয়ে শ্বিলঙত বাহৰ পাতি গোপীনাথ বৰদলৈৰ নেতৃত্বত চৰকাৰ গঠন কৰিছিল। নেতাজীৰ এই ভূমিকাৰ বাবে অসম ৰক্ষা পৰিল, নতুবা আজি হয়তু বাংলাদেশৰ অন্তৰ্গত হলহেঁতেন।
(সূত্ৰ : "এজন সত্যাগ্ৰহীৰ ৰাজনীতি, গোপীনাথ বৰদলৈ আৰু আসাম : তেতিয়া আৰু এতিয়া"; ড. নিৰোদ কুমাৰ বৰুৱা,)
সুশীল পাঠক, এই বিষয়ে অজস্ৰ তথ্য আছে। এই নিৱন্ধত কেৱল উল্লেখযোগ্য কেইটামান দিশৰ উল্লেখ কৰা হ'ল সংক্ষেপে আৰু সূত্রাকাৰে।নিৱন্ধৰ শেষত আমি কৃতজ্ঞচিত্তে স্মৰণ কৰিছোঁ ড. সূৰ্যকুমাৰ ভূঞাৰ অবিনাশী পংক্তি : "ক'বলৈ গ'লে বৃটিছ অহাৰ পূৰ্বে অসমত অসমীয়া আৰু বাঙালীৰ মিলনৰ গংগা-যমুনা স্ৰোত বৈছিল...।"
•••••
(লেখক কটন বিশ্ববিদ্যালয়ৰ বাংলা বিভাগৰ প্রধান।
ফোন : ৭০০২৭৯১৭৭৩)
•••••
"আমাৰ অসম" ৩-৬-২৩
কোন মন্তব্য নেই