দুটি ডিমের লড়াই বৈশাখী উৎসব অসমে এক উজ্জল পরম্পরা
#কণী_যুঁজ --:কণী যুঁজ হল মূলতঃ প্ৰজনন/যৌনতাৰ প্ৰতীক। বহাগ বিহুৰ এক অন্যতম পৰম্পৰা কণী যুঁজ ৰ ইতিহাস বহু পুৰণি । আহোম ৰাজত্ব ৰ সময়ৰ পৰাই অসমত কণী যুঁজ ৰ তথ্য পোৱা যায় অসমৰ ওপৰিও পৃথিৱীৰ বিভিন্ন দেশ যেনে - ঠাইলেণ্ড ,পাকিস্থান আদিটো কণী যুঁজ খেল হয় ৷অৱশ্যে সেইবোৰ দেশত এই খেল পৰম্পৰাগত নে সাময়িক সেয়া জনা নাযায় ৷
অসমৰ কণী যুঁজ প্ৰধানত উজনি অসমৰজিলা সমূহতে ব্যাপক ভাৱে প্ৰচলিত হৈ আছে ৷সময়ৰ লগে লগে লগতে জীৱনশৈলীৰ ব্যাপক পৰিৱৰ্তন, আধুনিক প্ৰযুক্তিৰ বাবে কণী যুঁজৰ পুৰণি মাদকতা বহু পৰিমান হ্ৰাস হৈছে ৷ তথাপি নৱপ্ৰজন্মৰ বাবে কণী যুঁজৰ সমস্ত খুটি নাটি সামৰি এই লেখাটো আগবঢ়াইছো ৷
ক) কণী যুঁজত ব্যৱহৃত কণী -- কণী যুঁজত প্ৰধানত পাতি হাঁহৰ কণীয়েই যুঁজোৱা হয় ৷তথাপি ঠাই বিশেষে কুকুৰা, চীনা হাহৰ কণী ও যুঁজোৱা হয় ৷বহু কণী যুঁজাৰুৱে আকৌ বনৰীয়া শৰালি হাঁহৰ কণী বিচাৰি আনি অন্যায় ভাৱে ( শৰালি হাঁহৰ কণী তুলনামূলক ভাৱে টান ) যুঁজত অৱতীৰ্ণ হোৱা দেখা যায় ৷ প্ৰায় 2000-05 চন মানৰ পৰা ফাৰ্মৰ কণী যুজঁ ও হয় আৰু বৰ্তমান ই থলুৱা কণী যুঁজক এক প্ৰকাৰৰ গ্ৰাস কৰি আনিলে ৷
খ)কণী যুঁজৰ সময় ---: পূৰ্বতে চ'ত মাহ সোমোৱাৰ লগে লগে গাওঁ বোৰত বিশেষকৈ চেঙেলীয়া সকলৰ মাজত কণী যুঁজৰ আৰম্ভনি হৈ যায় ৷ চ'ত মাহত কণী যুঁজ কৰিলে মুৰ ঘূৰণি নহয় বুলি এক জনবিশ্বাস আছে ,লগতে ইন্টাৰনেট নথকা দিনত কণী যুঁজ এক প্ৰৱল ৰোমাঞ্চকৰ তথা সময় পাৰ কৰা আহিলা আছিল ৷ সেই সময়ত চ"ত মাহ সোমোৱাৰ পৰাই চেঙেলীয়া লৰা হতে জেপত কণী লৈ ফুৰি পদুলিয়ে ,তিনি আলি চাৰিল কণী যুঁজ কৰি বিহুৰ মূল যুঁজলৈ সাজু হোৱাৰ লগতে কণী যুঁজৰ কৌশল সমূহো আয়ত্ব কৰিছিল ৷ চ'তৰ শেষ দিনা অৰ্থাৎ গৰু বিহুৰ দিনাৰ পৰা মূল কণী যুঁজ আৰম্ভ হয় ৷ সেইদিনা গৰু গা ধূওৱাৰ পাছত গা পা ধূই ন বস্ত্ৰ পৰিধান কৰি পুৰুষ সকলে অতদিনৰ পৰা সাজু কৰি থোৱা কণী সমূহ লৈ নামঘৰৰ সন্মুখ , তিনি আলি ,চাৰি আলি নতুবা গাওঁখনৰ সকলো গোট খোৱা স্থানলৈ ওলায় আহে ৷আৰু তাতেই কণী যুঁজ আৰম্ভ হয়৷সেই স্থানত মহিলাৰ প্ৰৱেশ দেখা নাযায় ৷মহিলা সকলে সাধাৰণতে এই স্থানলৈ নাযায় ৷তেওঁলোকে নিজ ঘৰতে কণী যুঁজ কৰে ৷
গ) কণী যুঁজৰ বাবে কণীৰ তৈয়াৰী ---: কণী যুঁজ প্ৰজননৰ লগতে সন্মানৰো প্ৰতীক ৷সেই বাবে কণী যুঁজত বিজয়ী হবলৈ যুঁজাৰু সকলে বিভিন্ন কৌশল তথা পদ্ধতিৰ আশ্ৰয় লয় ৷ প্ৰথমে আহিব টান কণীৰ তৈয়াৰী ৷ টান কণী প্ৰস্তুত কৰিবৰ কাৰণে ফাগুন মাহতে এজনী বা দুজনী পাতি হাঁহ নিৰ্বাচন কৰা হয় ৷ ফাগুন মাহৰ পৰাই হাঁহজনীক পৃথককৈ বান্ধি ৰখা হয় অৰ্থাৎ মুকলিকৈ চৰিব দিয়া নহয় ৷ বান্ধি থোৱা কালত হাঁহ জনীক শামুক ,বৰা ধান ,কম পৰিমানে চূণ আৰু কম পৰিমানে পানী খাব দিয়া হয় ৷মাহটো এনে কঠিন বস্তু খায় হাঁহজনীয়ে মাথো এটা বা দুটা অত্যন্ত টান কণী পাৰে ৷আৰু কণী যুঁজাৰুৰ বাবে সেই দিনটো এক আনন্দৰ দিন ৷ সেই টান কণী কেইট ক'লা কচুঠুৰিৰ ৰস সানি গোৱৰত এদিন আৰু আমলৰি পৰুৱাৰ বাঁহত দুদিন মানৰ বাবে ভৰাই থয় ৷ গোৱৰত ভৰোৱাৰ পাছত কণীটো জেতুকা বুলীয়া ৰং ধৰে আৰু আমলৰি বাহঁত সোমোওৱাৰ পাছত ফুটফুটীয়া হৈ পৰে ৷ বহুতে আকৌ প্ৰতিপক্ষক ভয় খুৱাই ঠগিবলৈ ঢিলা কণীকো এইদৰে আকৰ্ষণীয় কৰি তোলে ৷
ঘ) কণীৰ কঠিনতাৰ পৰীক্ষা --: কণী যুঁজত বিজয়ী হোৱাৰ প্ৰধান মন্ত্ৰটো হ'ল কণীৰ কঠিনতাৰ পৰীক্ষা ৷ কণীৰ মুৰটো তুলনামুলক ভাৱে টান হয়,তলিখন ঢিলা ( চিত্ৰ এক ) ৷দাঁতত , আঙুঠি অথবা ধাতুৰ মূদ্ৰাত টোকৰ মাৰি লগতে পোহৰৰ ফালে ধৰি চায় কণীৰ কঠিনতা পৰীক্ষা কৰা হয় ৷ পাকৈত যুঁজাৰুৱে অৱশ্যে বুঢ়া আঙুলিৰে মোহাৰিও কণীৰ কঠিনতা পৰীক্ষা কৰিব পাৰে ৷ দাঁতত টোকৰ মাৰি চালে শব্দটো যদি গধুৰ হয় তেন্তে টান পাতল হলে ঢিলা ৷অন্যহাতে আঙুঠি ,মূদ্ৰাত টোকৰ মাৰোতে শব্দটো যদি বেছি ধাতৱীয় হয় তেন্তে টান নহলে ঢিলা হয় ৷আন ফালে পোহৰৰ ফালে মূখ কৰি চালে স্বচ্চ হলে ঢিলা আৰু অস্বচ্চ হলে টান বুলি ধৰা হয় ৷
চ) কণী যুঁজৰ কৌশল -- কণী যুজঁত জয়ী হবৰ বাবে অকল টান কণী হলেই নহব ৷যুঁজৰ কৌশলো জানিব লাগিব ৷কণী যুঁজত সাধাৰণতে কণী মৰা জনতকৈ ( যিজনে টোকৰ মাৰে ) কণী পতাজন( যিজনে তলত ধৰি থাকে ) অগ্ৰগতিত থাকে ৷ অৱশ্যে কণী পতাৰো কৌশল আছে ৷বাওঁ হাতৰ তলুৱাত কণীটো লৈ সোঁ হাতেৰে মুঠি মাৰি ধৰি নভঙাকৈ সকলো ফালৰ পৰা জোৰ প্ৰয়োগ কৰি থাকিলে যুঁজৰ সময়ত কণীৰ ভংগুৰতা হ্ৰাস পায় ৷ সেয়ে পাকৈত যুঁজাৰুৱে কণী যুঁজত কণী পাতিবলৈহে বিচাৰে ৷( চিত্ৰ দুই চাব পাৰে )
অন্যহাতে কণী মৰাৰো ( আঘাট কৰাৰো) কৌশল আছে সেয়া হ'ল ৷জোৰেৰে প্ৰহাৰ ৷জোৰত প্ৰহাৰ কৰিলে নিজৰ কণীটো ভাঙি গলেও প্ৰতিপক্ষৰ কণীৰো কঠিনতাত কমি যায় ৷
চ) কণী যুঁজৰ নিয়ম --
কণী যুঁজৰ কেইবাটাও নিয়ম আছে তাৰে ভিতৰত
1) সাধাৰণ নিয়ম -:এই নিয়মত দুজন যুঁজাৰুৱে কণী দুটি লৈ মুৰে মুৰে আৰু তলিয়ে তলিয়ে যুঁজ কৰে ( মুৰ আৰু তলিৰ বাবে চিত্ৰ এক চাব পাৰে ) ৷যুঁজত যিজনৰ কণী নভঙাকৈ থাকে তেওঁৱেই বিজয়ী হয় আৰু হৰা জনৰ কণীটো তেওঁ লাভ কৰে ৷
2) মুৰত/মাথাত দুকোব --: এই নিয়মত দুজন যুঁজাৰুৰ কোনোবা এজনে নিজৰ কণীটো ঢিলা বুলি অনুমান কৰিলে প্ৰতিপক্ষক প্ৰস্তাৱ দিয়ে যে তেওঁ কণীৰ দুয়োটা দিশে প্ৰতিপক্ষৰ কণীৰ কেৱল মুৰটোত যুজাব ৷দুয়োমুৰে যুঁজোৱাৰ পাছত যদি কেনেবাকৈ প্ৰতিপক্ষৰ কণীৰ মুৰতো ভাঙি যায় তেতিয়াই প্ৰতিপক্ষ পৰাজিত হব ৷ প্ৰতিপক্ষই নিজৰ কণীৰ কঠিনতাৰ ওপৰত বিশ্বাস থাকিলে সাহসেৰে এই প্ৰস্তাৱত মান্তি হয় ৷যদি প্ৰথম পক্ষ( যিজনে দুয়োটা দিশে যুজঁ কৰে ) ইয়াতো পৰাজিত হয় তেন্তে সেয়া তেওঁৰ বাবে লজ্জাজনক হৈ পৰে ৷
3) তলিত দুকোব -- এই নিয়মো ওপৰৰ মাথাত দুকোব নিয়মৰ দৰে একেই পাৰ্থক্য মাথো এই নিয়মত মুৰৰ সলনি তলিত যুঁজোৱা হয় ৷লগতে ইয়াত প্ৰথম পক্ষ পৰাজিত হয় আৰু লজ্জাজনক হৈ পৰে ৷
4) থ' ৰ লে লোৱা -- কণী যুঁজৰ এক অন্যতম কৌশলপূৰ্ণ তথা আনন্দদায়ক নিয়ম হ'ল থ' ৰ লে লোৱা ৷পূৰ্বতে উল্লেখ কৰাৰ দৰে বহু পাকৈত যুঁজাৰুৱে ঢিলা কণীকো বিভিন্ন কৌশলেৰে দেখাত অত্যন্ত কঠিন যেন কৰি তুলি লগতে চলাহী কথাৰে প্ৰতিপক্ষক ভয় খুৱাই তোলে যে তেওঁৰ কণীটো অত্যন্ত টান ৷প্ৰতিপক্ষ ভয় খোৱা যেন দেখিলে তেওঁ প্ৰতিপক্ষক চিধাকৈ যুঁজলৈ আমন্ত্ৰণ কৰে ৷প্ৰতিপক্ষ যদি মান্তি নহয় তেন্তে মুৰত দুকোব ,তলিত দুকোব যুজিবলৈও উপলুঙা কৰি আমন্ত্ৰণ কৰে ৷তাতো প্ৰতিপক্ষই ভায় খালে অদল বদল কৰিবলৈ অৰ্থাৎ থ' ৰ লে লবলৈ প্ৰস্তাৱ দিয়ে ৷তুলনামুলক ভাৱে টান কণীৰ অধিকাৰী কিন্তু কম সাহসী তথা লুভীয়া প্ৰতিপক্ষই তাতেই ঠগ খায় পৰস্পৰৰ কণী সা সলনি কৰি যুঁজ কৰি ঠগ খায় পৰাজিত হয় ৷অৱশ্যে কেতিয়াবা প্ৰতিপক্ষই তাতকৈও ঢিলা কণীৰে প্ৰথম পক্ষকে ঠগি দিয়ে ৷
কণীৰ প্ৰকাৰ --
ক) সৈঁয়া/সঁয়া কণী -- অত্যন্ত টান কণীটোকে সৈঁয়া কণী বুলা হয় ৷গৰু বিহুৰ পৰা আৰম্ভ কৰি সাত বিহুৰ শেষৰ দিনালৈকে অপৰাজিত কণীটো সাত বিহুৰ সঁয়া কণী বুলি কোৱা হয় ৷
খ) জল সঁয়া / পানী সঁয়া--: অত্যন্ত ঢিলা কিন্তু দেখাত অতি কঠিন যেন লগা কণীয়েই হ'ল জল সঁয়া ৷
গ) শিল সঁয়া - অত্যন্ত টান কণী অৰ্থাৎ প্ৰতিকী অৰ্থত শিলৰ দৰে টান কণীয়েই শিল সঁয়া ৷
ঘ) ফুচুৰি কণী - একেবাৰে ঢিলা কণীটোৱেই ফুচুৰি কণী ৷
( বি :দ্ৰ: -- প্ৰথম দফাটো বাদ দি বাকীখিনি সৰুৰে পৰা আমাৰ অঞ্চলত দেখি অহা তথা নিজস্ব অভিজ্ঞতাৰে লাভ কৰা জ্ঞানৰ ওপৰত ভিত্তি কৰি লিখা হৈছে ৷ঠাই বিশেষে সেয়ে শব্দৰ তাৰতম্য থাকিব পাৰে ৷ সকলোলৈ বিহুৰ শুভকামনা জনাই সামৰিছো🙏🙏)
#ৰিপষ্ট
কোন মন্তব্য নেই