Header Ads

22 টি জেলার শতাধিক খেলোয়াড় মহিলা হকি প্রশিক্ষণের সূচনা করেন

২২ জিলাৰ  শতাধিক খেলুৱৈৰ অংশগ্ৰহণৰে ভেটাপাৰাৰ এম তৈয়বুল্লাহ হকী ষ্টেডিয়ামত  ছোৱালী হকী ট্ৰেনিং কেম্পৰ  শুভাৰম্ভণি , 
 


গুৱাহাটী ২১ এপ্ৰিল :   অসম হকী সন্হা আৰু অসম চৰকাৰৰ ৰাজ্যিক পৰ্যায়ৰ পৰামৰ্শদাতা সমিতি ছাত্ৰ আৰু যুৱ কল্যাণৰ উদ্যোগত আয়োজন কৰা ১৭ বছৰ অনুৰ্ধ্ব ছোৱালী হকী প্ৰশিক্ষণ শিবিৰৰ আজি শুভ উদ্ধোধন কৰা হয়। ৰাজ্যৰ ২২ খন জিলাৰ  শতাধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা ছোৱালী হকী প্ৰশিক্ষণ শিবিৰ অহা ৩ মে'লৈ চলিব।

শুভাৰম্ভণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে 
গুৱাহাটী পৌৰ নিগমৰ উপ মেয়ৰ স্মৃতি ৰয়।
ইফালে শুভাৰম্ভণি অনুষ্ঠানৰ আদৰণি ভাষনত
 অসম চৰকাৰৰ ছাত্ৰ আৰু যুৱ কল্যাণৰ সদস্য সচিব তথা
 অসম হকীৰ কাৰ্যকৰী সভাপতি
  গীতাৰ্থ গোস্বামীয়ে কয় যে মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুযায়ী অসমৰ হকী খেলক ৰাষ্ট্ৰীয় পৰ্যায়লৈ নিয়াৰ প্ৰয়াসৰে হকী খেলৰ এই প্ৰশিক্ষণ শিবিৰৰ আয়োজন আয়োজন কৰা হৈছে।
ক্ৰীড়া ক্ষেত্ৰত দেশৰ তিনি খন ৰাজ্যৰ ভিতৰত অসমৰ নাম সন্নিৱিষ্ট কৰাৰ মুখ্য মন্ত্ৰীৰ যি সপোন সেই সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে খেলুৱৈ সকলোক উৎসাহিত কৰাৰ ক্ষেত্ৰত সকলো ব্যৱস্থাই গ্ৰহণ কৰা হ'ব বুলি উল্লেখ কৰি গোস্বামীয়ে আৰু কয় যে 
আজিৰ এই প্ৰশিক্ষণ শিবিৰত অংশ গ্ৰহন কৰা খেলুৱৈৰ মাজৰ পৰাই  ১৭ অনুৰ্ধ্ব ছোৱালী হকীৰ অসম দল বাছনি কৰা হব । 
 বাছনি হ'ব লগা  এই  ১৭ অনুৰ্ধ্ব অসমৰ ছোৱালী হকী দলটোৱে প্ৰশিক্ষণ শিবিৰৰ পাছতে  উৰিষ্যাৰ ৰুৰ কেল্লাত অহা 
৪মেৰ ১৪মেলৈ অনুষ্ঠিত হবলগীয়া 
চাব জুনিয়ৰ নেশ্যনেল ৱমেন চেম্পিয়নশ্বিপ ২০২৩ ত অংশ গ্ৰহণ কৰিব ।  
ভাষণ প্ৰসংগত 
অসমৰ হকীৰ ৮৬ টা প্ৰশিক্ষকৰ পদ খালী হৈ থকাৰ কথাও তেওঁ উল্লেখ কৰে।

অনুষ্ঠানটোত
 ভাৰতীয় অলিম্পিক সন্হাৰ  কোষাধ্যক্ষ তথা অসম হকীৰ সাধাৰণ সম্পাদক  তপন কুমাৰ দাস , অসম চৰকাৰৰ ক্ৰীড়া যুৱ কল্যাণ বিভাগৰ যুটীয়া সঞ্চালক অন্তৰা গগৈ, অসম চৰকাৰৰ শিক্ষা বিভাগৰ সহ সঞ্চালক দীপিকা চৌধুৰী আৰু কামৰূপ জিলা পৰিষদৰ সভানেত্ৰী শিৰোমণি কোঁৱৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত আছিল।

অনুষ্ঠানটোৰ আঁত ধৰে  টুৰ্নামেন্ট কমিতিৰ অধ্যক্ষ 
যুধিষ্ঠিৰ গগৈয়ে।

উল্লেখ্য যে উত্তৰ প্ৰদেশ, পাঞ্জাব আৰু মণিপুৰৰ পৰা অহা তিনি গৰাকী প্ৰশিক্ষকে
প্ৰশিক্ষণ শিবিৰত অসমৰ হকী খেলুৱৈ সকলোক প্ৰশিক্ষণ প্ৰদান কৰে।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.