সুপ্রিম কোর্টের ৫ জনের সাংবিধানিক বেঞ্চে শুনানি শুরু হল
আজি ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত শুনানী আৰম্ভ
-------------------- ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত ন্যায়াধীশ বি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ এম আৰ শ্বাহ, ন্যায়াধীশ কৃষ্ণ মূৰাৰী, ন্যায়াধীশ হিমা কোহলী আৰু ন্যায়াধীশ টি শ্ৰী নৰসিমহাৰ আদালতে ৫৬২/২০১২ নং অসম সন্মিলিত মহাসংঘ বনাম ভাৰত চৰকাৰ, ৮৭৬/২০১৪ নং সদৌ অসম আহোম সভা বনাম ভাৰত চৰকাৰ, ৩১১/২০১৫ নং দীপক কুমাৰ নাথ বনাম ভাৰত চৰকাৰ আৰু ৬৮/২০১৬ নং প্ৰনৱ কুমাৰ মজুমদাৰ বনাম ভাৰত চৰকাৰ -- এই গোচৰ কেইটাৰ প্ৰাথমিক শুনানী অনুষ্ঠিত হৈ যায় । মহাসংঘৰ গোচৰীয়া মতিউৰ ৰহমান আৰু গোবিন্দ বসুমতাৰীৰ হৈ অধিবক্তা মনীষ গোস্বামীয়ে আৰু সদৌ অসম আহোম সভা, দীপক নাথ আৰু প্ৰনৱ মজুমদাৰৰ হৈ অধিবক্তা সমীৰণ শৰ্মাই আজি বিচাৰপীঠত গোচৰ কেইটাৰ বিষয়ে বক্তব্য দাঙি ধৰে । ইয়াৰ পিছতেই বিচাৰপীঠে অহা ২৬ ছেপ্তেম্বৰত বিস্তৃত শুনানীৰ দিন ধাৰ্য কৰে । মহাসংঘৰ প্ৰধান গোচৰীয়া তথা মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে সংবাদ প্ৰতিষ্ঠানক কয় যে ২৬ ছেপ্তেম্বৰতেই বিৰতিবিহীন সাংবিধানিক বিচাৰপীঠৰ তাৰিখ চূড়ান্ত হ'ব । অসমৰ খিলঞ্জীয়াৰ সুৰক্ষাৰ ক্ষেত্ৰত সাংবিধানিক বিচাৰপীঠে এটা ন্যায়সঙ্গত ৰায় দিব বুলিয়েই ৰহমানে আশা প্ৰকাশ কৰে ।
-মতিউৰ ৰহমান
কাৰ্যকৰী সভাপতি, মহাসংঘ
৭.৯.২২
কোন মন্তব্য নেই