Header Ads

পাঁচ জনের সাং বিধানিক বেঞ্চ অসমের ভাগ্য নির্ণয় করবে

৫ জনীয়া সাংবিধানিক বিচাৰপীঠে অসমৰ ভাগ্য নিৰ্ণয় কৰিব
------------------------------
অসমৰ ৪টা -- ৫৬২/২০১২, ৮৭৬/২০১৪, ৩১১/২০১৫ আৰু ৬৮/২০১৬ নং গোচৰৰ বিচাৰ হ'ব
-------------------------------

প্ৰথম বাৰৰ বাবে ছুপ্ৰিম কৰ্টৰ ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত অসমৰ বহু গুৰুত্বপূৰ্ণ বিষয়ৰ মীমাংসা হ'ব । যোৱা ২৯ আগষ্টৰ পৰা ৫ জনীয়া সাংবিধানিক বিচাৰপীঠত আৰম্ভ হৈছে । ছুপ্ৰিম কৰ্টৰ বিচাৰৰ তালিকাত অসম সন্মিলিত মহাসংঘ বনাম ভাৰত চৰকাৰ ৫৬২/২০১২ নং গোচৰটো তালিকাৰ ৬ নম্বৰত আছে । তালিকাৰ প্ৰথম গোচৰটো চলি আছে । ইয়াৰ পিছত বাকী গোচৰবোৰ তালিকা মতে আহিব । অসমৰ খিলঞ্জীয়া জনগোষ্ঠী সমূহৰ বাবে ই অতিশয় গুৰুত্বপূৰ্ণ ।
অসমৰ জাতি সংঘ অসম সন্মিলিত মহাসংঘই ছুপ্ৰিম কৰ্টত তৰা ৫৬২/২০১২ নং গোচৰত ১৯৫৫ চনৰ নাগৰিকত্ব আইনখন ১৯৮৫ চনত সংশোধন কৰি ৬(ক) যুক্ত কৰি ১৯৭১ চনৰ ২৪ মাৰ্চৰ ভিতৰত অসমত প্ৰৱেশ কৰা অবৈধ পূৱ পাকিস্তানী-বাংলাদেশী(হিন্দু-মুছলমান) আৰু নেপালী হিন্দু বিদেশীৰ নাম ভোটাৰ তালিকাত অন্তৰ্ভূক্ত কৰি ভাৰতীয় নাগৰিকত্ব দিব খোজা কাৰ্য সংবিধান বিৰোধী তথা সংবিধানৰ ৫,৬,১৪,২১,২৯, ৩৫৫ ধাৰা উলংঘা কৰাৰ অভিযোগ উত্থাপন কৰিছে । দ্বিতীয়তে মহাসংঘৰ সহযোগী সদৌ অসম আহোম সভাই দেউৰী, চুতীয়া, কৈৱৰ্ত, মিচিং, সোনোৱাল, খামতি, ৰাভা, গাৰো আৰু কোছ ৰাজবংশী সংগঠনৰ সহযোগত তৰা ৮৭৬/২০১৪ নং গোচৰত ১৯৫৫ চনৰ নাগৰিকত্ব আইনত ৬(ক) যুক্ত কৰা কাৰ্য অবৈধ বুলি অভিহিত কৰাৰ লগতে নাগৰিকত্ব আইনত ২০০৩ চনত নিয়ম ৪(ক) যুক্ত কৰি নাগৰিকত্ব পঞ্জীয়ন আৰু জাতীয় পৰিচয় পত্ৰ প্ৰদান সম্পৰ্কীয় নিয়মাৱলীকো অবৈধ বুলি প্ৰত্যাহ্বান জনাইছে । এই নিয়মাৱলী মতেই ১৯৭১ চনৰ ভোটাৰ তালিকাত নাম থকা অবৈধ বিদেশীয়ে ৰেচন কাৰ্ড, ডাক ঘৰৰ ৰছীদ, গাওঁ বুঢ়াৰ প্ৰমাণ পত্ৰ আদিৰ জৰিয়তে নাগৰিকপঞ্জীত নাম অন্তৰ্ভুক্ত কৰিব পাৰিব বুলি উল্লেখ আছে । তৃতীয়তে মহাসংঘৰ সহযোগী অসম আন্দোলনৰ ছহীদ পৰিয়ালৰ দীপক কুমাৰ নাথ আৰু বিশিষ্ট ভাষাবিদ বিশ্বেশ্বৰ হাজৰিকাই তৰা ৩১১/২০১৫ নং গোচৰত নাগৰিকত্ব আইন সংশোধন কৰি ২০০৩ চনত ধাৰা ৩(ক) যুক্ত কৰা কাৰ্যক অবৈধ বুলি প্ৰত্যাহ্বান জনাইছে । এই ৩(ক) ধাৰাই ২০০৩ চনৰ ভিতৰত জন্ম গ্ৰহণ কৰা সন্তান এটিৰ অভিভাৱকৰ এজন যদি ভাৰতীয় আৰু আনজন যদি অবৈধ বিদেশী হয় তেনেহলেও সন্তানটিয়ে ভাৰতীয় নাগৰিকত্ব লাভ কৰাৰ অধিকাৰ দিছিল । চতুৰ্থতে মহাসংঘৰ ৮ গৰাকী বিশিষ্ট ব্যক্তি প্ৰনৱ কুমাৰ মজুমদাৰ(প্ৰাক্তন অধ্যক্ষ, তেজপুৰ চৰকাৰী ল'ৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়), ডা: বিশ্ব ৰঞ্জন কলিতা(প্ৰাক্তন যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক), শান্তনু দাস বৰহাজোৱাল(প্ৰাক্তন অধ্যক্ষ, ছৈখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয় তথা প্ৰাক্তন সভাপতি, সোনোৱাল কছাৰী জাতীয় পৰিষদ), মুকুন্দ চন্দ্ৰ গোস্বামী(সত্ৰাধিকাৰ, মায়ামৰা দিনজয় সত্ৰ, চাবুৱা), ড০ যোগেশ্বৰ বড়া(প্ৰাক্তন অধ্যক্ষ, নন্দনাথ শইকীয়া মহাবিদ্যালয় তথা মুখ্য উপদেষ্টা, সদৌ অসম ঠেঙ্গাল কছাৰী জাতীয় সংগঠন), তুলসী বৰদলৈ(প্ৰাক্তন উপাধ্যক্ষ, জাগীৰোড মহাবিদ্যালয় তথা প্ৰাক্তন সভাপতি, তিৱা সাহিত্য সভা), প্ৰয়াত জগত কামা(প্ৰাক্তন সভাপতি, নিখিল ৰাভা সাহিত্য সভা) আৰু জনকলাল বসুমতাৰীয়ে (অৱসৰপ্ৰাপ্ত আয়ুক্ত, আয়কৰ বিভাগ, অসম) তৰা ৬৮/২০১৬ নং গোচৰত বিদেশী আইন(১৯৪৬)ৰ অধীনত বিদেশী হুকুম(১৯৪৮)ৰ সংশোধন কৰি৩(ক) যুক্ত কৰা আৰু লগতে পাছপৰ্ট আইন(১৯২০)ৰ অধীনস্থ নিয়ম(১৯৫০)ৰ সংশোধন কৰি নিয়ম ৪, উপবিধি (১) যুক্ত কৰি জাৰি কৰা ২০১৫ চনৰ ৭ চেপ্তেম্বৰৰ অধিসূচনাখনক অবৈধ বুলি প্ৰত্যাহ্বান জনাইছিল । এই অধিসূচনাৰ জৰিয়তে দেশৰ ধৰ্মনিৰপেক্ষ নীতিক কুঠাৰাঘাত কৰি কেৱল হিন্দু বিদেশীক নাগৰিকত্ব দিয়াৰ ব্যৱস্থা কৰিব খুজিছে । আনকি পাছপৰ্ট বা আন কোনো ভ্ৰমণ সংক্ৰান্তীয় নথি-পত্ৰ নোহোৱাকৈ পাকিস্তান বাংলাদেশৰ পৰা ভাৰতলৈ অহা হিন্দু বিদেশীক আৰু পাছপৰ্ট বা আন ভ্ৰমণ সংক্ৰান্তীয় নথি-পত্ৰৰ ম্যাদ উকলি যোৱাৰ পিছটো যিসকল পাকিস্তানী-বাংলাদেশী লোক ভাৰতত আছে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব দিয়া হ'ব বুলি উল্লেখ কৰিছিল । লোক সভা আৰু ৰাজ্য সভাত সংখ্যাগৰিষ্ঠতা থকা হেতু বিজেপিয়ে নাগৰিকত্ব সংশোধনী আইন(২০১৯) গ্ৰহণ কৰি আইন কৰিলে  । আইন কৰাৰ পিছতেই মহাসংঘৰ কাৰ্যকৰী সভাপতি মতিউৰ ৰহমানে ৩০ টা জনগোষ্ঠীয় সংগঠনক লৈ ইয়াৰ বিৰুদ্ধেও গোচৰ তৰিছে ।
৫ জনীয়া সাংবিধানিক বিচাৰপীঠত উল্লিখিত সকলো বিষয়ৰ বিচাৰ হ'ব আৰু চূড়ান্ত ৰায় হ'ব ।
সাংবিধানিক বিচাৰপীঠত  নিৰৱচ্ছিন্ন শুনানী হ'ব সেয়া নিশ্চিত হ'ব । মহাসংঘৰ ৰহমানৰ সৈতে আন দুজন গোচৰীয়া হ'ল গোবিন্দ বসুমতাৰী (প্ৰাক্তন সভাপতি, এন ডি এফ বি তথা বৰ্তমান উপমুখ্য কাৰ্যবাহী সদস্য, বিটিআৰ) আৰু প্ৰয়াত ৰাণা প্ৰসাদ দেউৰী( সভাপতি, ইণ্ডিজেনাচ ট্ৰাইবেল পিপুলচ ফ্ৰন্ট) । 
অতিশয় গুৰুত্বপূৰ্ণ কথা যে অনা অসমীয়া মুখ্য ন্যায়াধীশ টি এছ ঠাকুৰ(২০১৫-২০১৬) আৰু মুখ্য ন্যায়াধীশ জগদীশ সিং খেহৰে(২০১৬-২০১৭) ৫ জনীয়া সাংবিধানিক বিচাৰপীঠ অনুষ্ঠিত কৰিছিল । মুখ্য ন্যায়াধীশ দীপক মিশ্ৰ (২০১৭-২০১৮)ই তিনিবাৰ নিৰ্দেশ জাৰি কৰিও সাংবিধানিক বিচাৰপীঠ অনুষ্ঠিত নকৰিলে । মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ (২০১৮-২০১৯)য়ে একমাত্ৰ মুখ্য ন্যায়াধীশ যিয়ে সাংবিধানিক বিচাৰপীঠৰ প্ৰয়োজন নাই বুলি আবেদন প্ৰত্যাখ্যান কৰিছিল । মুখ্য ন্যায়াধীশ শাৰদ অৰবিন্দ বোবডে(২০১৯-২০২০) সাংবিধানিক বিচাৰপীঠ অনুষ্ঠিত কৰিবলৈ যো-জা কৰোতেই কভিড-১৯ মহামাৰীজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱা হেতু বিচাৰপীঠ অনুষ্ঠিত নহ'ল । এতিয়া মুখ্য ন্যায়াধীশ উদয় উমেশ ললিতৰ নিৰ্দেশত সাংবিধানিক বিচাৰপীঠ গঠনৰ নিৰ্দেশ হৈছে আৰু  ২৯ আগষ্টৰ পৰা শুনানী আৰম্ভ হৈছে ।
দেশৰ সংবিধানক সন্মান জনাই তথা মৰ্যাদা ৰক্ষা কৰি এটা গ্ৰহণযোগ্য ন্যায়সঙ্গত সিদ্ধান্ত হ'ব বুলি মতিউৰ ৰহমানে আজি সংবাদ প্ৰতিষ্ঠান সমূহক কয় ।

-মতিউৰ ৰহমান, প্ৰধান গোচৰীয়া(৫৬২/২০১২) তথা কাৰ্যকৰী সভাপতি, মহাসংঘ

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.