ভূপেন হাজরিকার ৯৬তম জন্মদিবস,তার গীত ই আমাদের বাণী:বিমল বরা
*ভৃপেনদাৰ গীতেই আমাৰ বাবে বাণী, প্ৰেৰণা -সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত জালুকবাৰীৰ সমাধি ক্ষেত্রত ড০ ভূপেন হাজৰিকাৰ ৯৬তম জন্ম দিৱসত সাংস্কৃতিক মন্ত্রী বিমল বড়া*
গুৱাহাটী, ৮ছেপ্তেম্বৰ:ডঃভৃপেন হাজৰিকাৰ গীতেই হৈছে আমাৰ জীৱন যুঁজত আগুৱাই যোৱাৰ অমোঘ বাণী, প্ৰেৰণা।ৰাজ্য চৰকাৰৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত জালুকবাৰীৰ ড০ভূপেন হাজৰিকা সমাধিক্ষেত্রত তেখেতৰ ৯৬তম জন্ম দিৱস উপলক্ষে আয়োজিত স্মৃতিচাৰণ অনুষ্ঠানত ভাষন প্ৰদান কৰি সাংস্কৃতিক বিভাগৰ মন্ত্রী বিমল বড়াই এইদৰে কয়। ভৃপেন দাই প্ৰতিটো দশকতে আমাক তেখেতৰ চিন্তা আৰু কৰ্মেৰে প্ৰেৰণা যোগাই যোৱাৰ লগতে আমাক সজাগ কৰি থৈ গৈছে বুলিও মন্ত্রী বড়াই উল্লেখ কৰে।সাংস্কৃতিক বিভাগৰ সচিব লয়া মাদুৰীৰ আদৰণি ভাষনেৰে আৰম্ভ হোৱা স্মৃতিচাৰণ অনুষ্ঠানটিত পৰ্যটন, জনস্বাস্থ্য কাৰিকৰী আদি বিভাগৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা আৰু হস্ত তাঁত বস্ত্ৰ বিভাগৰ মন্ত্রী ঊৰ্খাও গৌৰা ব্ৰহ্ম, ড০ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা আৰু অভিনেতা যতীন বৰা উপস্থিত আছিল। মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অসমীয়াই কেতিয়াও ডঃভৃপেন হাজৰিকাক পাহৰিব নোৱাৰে বুলি তেওঁৰ ভাষণত উল্লেখ কৰে। আমি আজিও পদে পদে তেখেতৰ অভাৱ অনুভব কৰো বুলিও তেওঁ কয়।
অনুষ্ঠানত ডঃভৃপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকাই সুধাকণ্ঠৰ জিলিকাব লুইতৰে পাৰ- গীতটি পৰিৱেশন কৰে। গীত আৰু কথাৰে মুখৰিত অনুষ্ঠানটিত ৰূপম ভৃঞা, নিৰ্মালি দাস, গোবিন্দ বৈশ্য আদিয়ে ভূপেন্দ্র সংগীত পৰিৱেশন কৰে। ইয়াৰপৃ্ৰ্বে বিশিষ্ট অতিথি কেইগৰাকীয়ে ডঃ ভৃপেন হাজৰিকাৰ প্ৰতিমুৰ্তি আৰু সমাধিত পুষ্পাঞ্জলি অৰ্পণেৰে মহান শিল্পী গৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে।
কোন মন্তব্য নেই