দিসপুর প্রেস ক্লাব বিভিন্ন ক্ষেত্রে অবদানের জন্য 28 জন কে পুরস্কার দেবে রবিবার
শ্ৰদ্ধাৰ/ প্ৰিয়
সাংবাদিক বন্ধু /সংবাদকৰ্মীসকল
দিছপুৰ প্ৰেছ ক্লাবৰ ২০২২ বৰ্ষৰ বিভিন্ন শিতানৰ বঁটাসমূহ দেওবাৰে (১১ছেপ্তেম্বৰ ২০২২) বিতৰণ কৰা হ'ব অসম গড়কাপ্তানী গৃহ আৰু ৰাষ্ট্ৰীয় ঘাইপথ বিভাগৰ সন্মিলন আৰু প্ৰশিক্ষণ বিভাগৰ প্ৰেক্ষাগৃহত । উল্লেখ্য যে - ৰাজ্যখনৰ সাংবাদিকতা , সাহিত্য, সাংস্কৃতিক, ক্ৰীড়া , ৰাজনীতি , সমাজসেৱাকে ধৰি বিভিন্ন ক্ষেত্ৰত বিশেষ অৱদান আগবঢ়াই অহা ব্যক্তিসকলক সন্মান জনোৱাৰ উদ্দেশ্যে তথা তেওঁলোকক প্ৰেৰণা দিয়াৰ অৰ্থে দিছপুৰ প্ৰেছ ক্লাবে বিগত কিছু বছৰ ধৰি এই বাৰ্ষিক বঁটা প্ৰদান কৰি আহিছে । চলিত বৰ্ষত প্ৰেছ ক্লাবে বিভিন্ন শিতানত মুঠ ২৮ জন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদানৰ সিদ্ধান্ত লৈছে । উল্লেখ্য যে, উক্ত বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিব...
*মুখ্য অতিথি*: *মাননীয় শ্ৰীযুত বিশ্বজিত দৈমাৰী*,
সন্মানীয় অধ্যক্ষ, অসম বিধান সভা
*বিশিষ্ট অতিথি*: *মাননীয় শ্ৰীযুত পীযুষ হাজৰিকা*
তথ্য জনসংযোগ মন্ত্ৰী, অসম চৰকাৰ
*বিশিষ্ট অতিথি*:*মাননীয় শ্ৰীযুত অতুল বৰা*
কৃষি মন্ত্ৰী, অসম চৰকাৰ
*বিশিষ্ট অতিথি*: *মাননীয় শ্ৰীযুত ভাস্কৰ জ্যোতি মহন্ত*
সঞ্চালক প্ৰধান, অসম আৰক্ষী
*বিশিষ্ট অতিথি*:*মাননীয়া শ্ৰীযুতা মৃদুলা বৰুৱা*
বিশিষ্ট অভিনেত্ৰী
আপোনালোকক উক্ত অনুষ্ঠানলৈ নিমন্ত্ৰণ জনোৱাৰ লগতে বঁটা প্ৰদান অনুষ্ঠাটোৰ বাতৰি সংগ্ৰহৰ বাবে অনুৰোধ জনালো।
কুঞ্জ মোহন ৰায়
সম্পাদক
দিছপুৰ প্ৰেছ ক্লাব
কোন মন্তব্য নেই