Header Ads

সাত বছরে পা দিল অসমের জনপ্ৰিয় পোর্টাল" "এন ই ফোকাস ডট কম"

সপ্তম বৰ্ষত ভৰি দিলে অসমৰ প্ৰথমটো ইতিবাচক খবৰৰ পৰ্টেল এন ই ফকাচ ডট কমে

 নয়া ঠাহর  ,গুয়াহাটি  :ইতিবাচক খবৰৰ মাধ্যমেৰে জনসাধাৰণৰ মাজত সুস্থ জনমত গঢ়ি তোলাৰ উদ্দেশ্যেৰে ২০১৬ চনৰ ১৫ আগষ্টত আনুষ্ঠানিক ভাৱে জন্ম লাভ কৰিছিল এন ই ফ'কাচ ডট কম নামৰ এটা নিউজ প'ৰ্টেল।যুৱ সাংবাদিক সংগীতা শইকীয়াৰ প্ৰচেষ্টা পৰিচালিত হৈ থকা এই প'ৰ্টেলটোৱে অহা ১৫ আগষ্টত ষষ্ঠ বৰ্ষ অতিক্ৰম কৰি সপ্তম বৰ্ষত ভৰি দিব।
 ডিজিটেল মাধ্যমৰ অন্যতম বাটকটীয়া স্বৰূপ এন ই ফ'কাচৰ যোগেদি কেৱল ইতিবাচক অথবা গঠনমূলক খবৰ প্ৰকাশিত হৈ আহিছে।বৰ্ষপূতিৰ প্ৰাকক্ষণত এন ই ফ'কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়া মনৰ অনুভৱ এনেদৰে ব্যক্ত কৰে- ২০১৬ চনৰ পৰা আজি তাৰিখলৈকে এক  পৰিক্ৰমাৰ মাজেৰে এন ই ফ'কাচক জনসাধাৰণৰ মাজলৈ নিবলৈ প্ৰয়াস কৰিছো।এই ক্ষেত্ৰত প্ৰথম অৱস্থাত বহু ঘাট প্ৰতিঘাটৰ সন্মুখীন হৈছিলো।ডিজিটেল মাধ্যমক সেই সময়ত মানুহে সিমান আকোৱালি লোৱা নাছিল।বৰ্তমান পৰিসৰ বৃদ্ধি পাইছে।মেইন ষ্টীম মেডিয়া হৈ পৰিছে। লগতে বৰ্ষপূতিৰ প্ৰাকক্ষণত  এন ই ফকাচৰ যাত্ৰাৰ সমূহ শুভাকাংক্ষী ,সাংবাদিক, পঢ়ুৱৈক ধন্যবাদ জ্ঞাপন কৰি অনাগত দিনটোও এনেদৰে সহাৰি জনাবলৈ  আহ্বান জনাইছে।
 উল্লেখযোগ্য যে এন ই ফ'কাচে বিভিন্ন সময়ত সামাজিক সেৱামূলক কাৰ্য্য কৰি আহিছে।প্ৰতিবছৰে সমাজ বিভিন্ন ক্ষেত্ৰত বিশেষভাৱে সেৱা অথবা পাৰদৰ্শিতা দেখুওৱা ব্যক্তিক এন ই ফ'কাচ গ্লৰী এৱাৰ্ড প্ৰদান কৰে।বিগত বৰ্ষৰ দৰে এই বৰ্ষটো এন ই ফ'কাচ গ্লৰী এৱাৰ্ড অচিৰেই অনুষ্ঠিত কৰা হ'ব বুলি এন ই ফ'কাচ ডট কমৰ সম্পাদক সংগীতা শইকীয়াই এক বিবৃতি যোগে জনাইছে।

কোন মন্তব্য নেই

Blogger দ্বারা পরিচালিত.