" লোক জীবনের "আধারে তথ্যচিত্র প্রতিযোগিতা
'লোক জীৱন'ৰ আধাৰত তথ্যচিত্ৰ প্ৰতিযোগিতা
■ ১ম পুৰস্কাৰ ১ লাখ
■ ২য় পুৰস্কাৰ ৭৫ হেজাৰ
■ ৩য় পুৰস্কাৰ ৫০ হেজাৰ
যোগদানৰ অন্তিম তাৰিখ : ৫ চেপ্টেম্বৰ, ২০২২
নয়া ঠাহর ,গুয়াহাটি :অহা ২১ চেপ্টেম্বৰৰ পৰা ২৩ চেপ্টেম্বৰলৈকে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া #Lokmanthan22 ৰ সৈতে সংগতি ৰাখি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি 'লোক জীৱন'ৰ বিভিন্ন দিশৰ ওপৰত আধাৰিত তথ্যচিত্ৰৰ এখনি প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে । অৰ্থাৎ তথ্যচিত্ৰৰ বিষয় হৈছে 'লোক জীৱন' । হিন্দী, ইংৰাজী তথা ৰাজ্যকেইখনৰ যিকোনো ভাষাত নিৰ্মাণ কৰিব পাৰিব এই তথ্যচিত্ৰসমূহ । লোক পৰম্পৰা, লোক পৰিৱেশ্য কলা, লোক নৃত্য, লোক কৃষ্টি, লোক সম্পদ, লোক নাট্য, লোক কলা, লোক সংগীত, লোক শিল্প, লোক কৰ্ম, লোক ভাষ্কৰ্য কলা, পৰম্পৰাগত হাট বজাৰ, স্বাধীনতা যুঁজাৰুৰ জীৱন কাহিনী, পৰম্পৰাগত গৃহসজ্জা, পৰম্পৰাগত মৎস্য পালন আদিকে ধৰি লোক জীৱনৰ সৈতে জড়িত যিকোনো একোটা বিষয়ৰ ওপৰত নিৰ্মাণ হ'ব লাগিব এই তথ্যচিত্ৰসমূহ । তথ্যচিত্ৰসমূহৰ দৈৰ্ঘ্য হ'ব লাগিব ৫ মিণিটৰ পৰা ১৫ মিণিটৰ ভিতৰত । তথ্যচিত্ৰসমূহ জমা দিয়াৰ অন্তিম তাৰিখ হৈছে ৫ চেপ্টেম্বৰ । এই প্ৰতিযোগিতাত শ্ৰেষ্ঠ হিচাপে বিবেচিত হোৱা তথ্যচিত্ৰখনক পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব ১ লাখ টকাৰ লগতে এটি স্মাৰক আৰু প্ৰমাণ পত্ৰ । আনহাতে, দ্বিতীয় শ্ৰেষ্ঠ তথ্যচিত্ৰখনক পুৰস্কাৰ হিচাপে প্ৰদান কৰা হ'ব ৭৫ হেজাৰ টকাৰ লগতে এটি স্মাৰক আৰু প্ৰমাণ পত্ৰ । সেইদৰে তৃতীয় শ্ৰেষ্ঠ তথ্যচিত্ৰখনলৈ পুৰস্কাৰ হিচাপে আগবঢ়োৱা হ'ব ৫০ হেজাৰ টকাৰ লগতে এটি স্মাৰক আৰু প্ৰমাণ পত্ৰ । তদুপৰি থাকিব আন কেইবাটাও পুৰস্কাৰ ।
তথ্যচিত্ৰসমূহ জমা দিয়াৰ তথা প্ৰেৰণ কৰাৰ ঠিকনা হৈছে :
iFNE OFFICE, House No - 2, Pub Sarania, Bylane - 6, Chandmari, Guwahati, Pin - 781003 *Phone- 7002310337*
Criteria & Rules
1) Documentary film's duration should be 5 minutes to 15 minutes
2) Documentary can be made by your mobile too.
3) Minimum resolution should be 1920 × 1080 / 1280 × 720
4) There must be english subtitle in the film.
5) Producer should submit two copies of synopsis with title.
6) producer should submit list of cast and crew
7) Producer should submit a self declaration copy for duration, production year and other copyrights ( sound, music, story etc )
8 ) Producer should submit their product in MP4 ( h.264 ) format.
9) Producer should submit their each product in separate pendrive.
10) Photograph of director, producer and still of film in jpeg format ( high resolution ).
11) Only producers of the film must submit their film.
12) The last date of submission of film is 5th september, 2022.
13) Theme : 'Lok' Life / লোক জীৱন
নাম পঞ্জীয়নৰ বাবে তলৰ লিংকত গৈ যাবতীয় তথ্য সমূহ দিব পাৰিব....
https://docs.google.com/forms/d/15nEUeaUbUG-kN6iONcKsrricV6OHJ1qMO17_2wE-wX0/edit?usp=drivesdk
কোন মন্তব্য নেই